- কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ প্ৰথমখন টি-২০।
- টছত জিকি প্রথমে ফিল্ডিঙৰ সিদ্ধান্ত ভাৰতীয় দলটোৰ।
- আজি বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ নেতৃত্ব দিব ৰোহিত শৰ্মাই।
- খেলা নাই মহেন্দ্ৰ সিং ধোনীয়েও।
- ঋষভ পন্টে সুযোগ পাইছে আজিৰ খেলত।
- এদিনীয়া শৃংখলাত ৩-১ৰ জয় লাভ কৰিছিল ভাৰতীয় দলটোৱে।
- সুন্দৰ ফৰ্মত আছে ৰোহিত শৰ্মা, অম্বতি ৰাইডু।
- বলিঙতো ভাল প্ৰদৰ্শন দেখুৱাইছিল ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহে।
- কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে টি-২০ শৃংখলাটো বিজয়ৰ আশা কৰিছে ভাৰতীয় দলটোৱে।