ক্রীড়া-জগত

ফিফা ৰেংকিঙত উন্নীত ভাৰত

asomiyapratidin

ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগীক বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটিয়ে নিৰাশ কৰাৰ মাজতে এটা ভাল খবৰ আনিছে ভাৰতীয় ফুটবল দলটোৱে।

আগন্তুক এছিয়ান গেমছত ভাৰতীয় পুৰুষ ফুটবল দলটোৱে ভাগ নল'লেও ফিফাৰ বিশ্ব ৰেংকিংত এটা স্থানৰ অগ্ৰগতি লাভ কৰিছে। দলটোৱে পূৰ্বৰ ৯৭ সংখ্যক স্থানৰ পৰা ১২৪২ পইন্টেৰে ৯৬ সংখ্যক স্থানলৈ অগ্ৰগতি লাভ কৰিছে।

এই তালিকাৰ শীৰ্ষত আছে ১৭২৬ পইন্টেৰে দুবাৰকৈ বিশ্বকাপ জয় কৰা ফান্স। আনহাতে এইবাৰৰ ফাইনেলত প্ৰৱেশ কৰা ক্ৰৱেচিয়াই ১৬ টা স্থান আগুৱাই ১৬৪৩ পইন্টেৰে চতুৰ্থ স্থান দখল কৰিছে। লক্ষণীয় যে সমগ্ৰ বিশ্বই দৃষ্টি ৰখা আৰ্জেন্টিনা শীৰ্ষ দহৰ পৰা বাহিৰ হৈছে।