- ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ দেহাৱসান।
- মঙলবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে মৃত্যু হয় তেওঁৰ।
- মৃত্যুৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ বয়স আছিল ৬৬ বছৰ।
- উল্লেখ্য যে, ১৯৮৩চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম খেলুৱৈ আছিল তেওঁ।
- তেওঁৰ ফিল্ডিঙত আছিল অসাধাৰণ দক্ষতা।
- তদুপৰি, ৮৩'ৰ বিশ্বকাপৰ প্রথমখন মেচত যশপাল শৰ্মাই ৮৯ ৰানৰ ইনিংছ খেলিছিল।
- তেওঁৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে সতীৰ্থ খেলুৱৈসকল।