ক্রীড়া-জগত

চি আৰ পি এফক পৰাস্ত কৰি বেংগালুৰু এফ চিৰ ডুৰাণ্ড কাপত অভিযান আৰম্ভ..

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ডুৰাণ্ড কাপত দ্বিতীয় ডিভিজনৰ দল এফ চি বেংগালুৰু ইউনাইটেডে অভিষেক মেচতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।সোমবাৰে আবেলি কল্যাণী ষ্টেডিয়ামত এফ চি বেংগালুৰু ইউনাইটেডৰ পেদ্ৰো মাঞ্জিৰ দ্বিতীয়াৰ্ধৰ ষ্ট্ৰাইকৰ সহায়ত চি আৰ পি এফক ১-০ ত পৰাস্ত কৰে। ইয়াৰ পাছতে আইকনিক ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপৰ ১৩০ সংখ্যক সংস্কৰণৰ গ্ৰুপ এ-ত মহম্মদান স্পোৰ্টিং ক্লাবৰ পিছতে দ্বিতীয় স্থান দখল কৰিছে।

মেচখনত এফ চি বেংগালুৰু ইউনাইটেডৰ পেদ্ৰো মাঞ্জিক মেন অফ দ্য মেচ ঘোষণা কৰা হৈছে।খেলৰ পিছত নিজৰ বক্তব্যত মাঞ্জীয়ে কয়, মই ভাৰতত মাত্ৰ দুসপ্তাহ আগতে উপস্থিত হৈছিলোঁ আৰু প্ৰথম ডুৰাণ্ড কাপত দলটোৰ হৈ প্ৰথমটো গ'ল কৰি মই সুখী। দলটোৰ সকলোৱে মোক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিছে।"

ইফালে পৰাজিত চি আৰ পি এফৰ প্ৰশিক্ষক দয়াল সিং ভাটিয়ে পৰৱৰ্তী খেলখনত ভাল প্ৰদৰ্শনৰ আশা কৰি কয়, প্ৰথমাৰ্ধত আমাৰ কেইটামান সুযোগ আছিল আৰু তাৰ পিছত দ্বিতীয়াৰ্ধত কিছুমান সিদ্ধান্তই ফলাফলক প্ৰভাৱিত কৰিলে। কিন্তু মই প্ৰদৰ্শনত সুখী কিয়নো বেংগালুৰু এটা ভাল দল আৰু আমি খুব ভালযুঁজ দিছোঁ।"

এফ চি বেংগালুৰু ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰিচাৰ্ড হুডেও খেলৰ পিছত কয়, আমি তিনি পইণ্ট অৰ্জন কৰি সুখী।