ক্রীড়া-জগত

ভাৰতীয় বায়ু সেনাক পৰাস্ত কৰি মহম্মদান স্পোৰ্টিং ক্লাবৰ ডুৰাণ্ড কাপ অভিযান আৰম্ভ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৩০ সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতাত স্থানীয় মহম্মদান স্পোৰ্টং ক্লাবে যুৱ ভাৰতী ক্ৰীড়াংগনত ভাৰতীয় বায়ুসেনা বাহিনীক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিছে। কিক-অফৰ পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি মমতা বেনাৰ্জীয়ে দুয়োটা দলৰ খেলুৱৈসকলক আদৰণি জনায়।

মেচখনত মিলান সিঙে ১৯ মিনিটত মহম্মদানৰ হৈপ্ৰথমটো গ'ল কৰাৰ পাছঠত চেণ্টাৰ-বেক অৰিজিৎ সিঙে ৩১ মিনিটত দ্বিতীয়টো গ'ল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত দলটোৰ হৈ আজহাৰুদ্দিন মল্লিকে হাফ টাইমৰ পূ্ৰ্বে আন এটা গ'ল কৰি দলটোক তিনি গ'লৰ ব্যৱধানত আগবঢ়ায় ৰাখে।

ভাৰতীয় বায়ু সেনাই মেচ খনৰ ৪৭ মিনিটত প্ৰথম তথা একমাত্ৰ গ'ল কৰিবলৈ সক্ষম হয়।মেচখনৰ ৭৭ মিনিটত মাৰ্কাছ জোচেফে মহম্মদনৰ হৈ চতুৰ্থ গ'ল কৰে। ইয়াৰ লগে লগে দলটোৱে মেচখনত বিজয় সাব্যস্ত কৰাৰ লগতে তিনি পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে স্থানীয় দল তথা ১৯৪০ চনৰ ডুৰাণ্ড কাপ জয় কৰা প্ৰথম অসামৰিক ক্লাব মহম্মদান স্পোৰ্টিং ক্লাৱ এইবাৰৰ ডুৰাণ্ড কাপ প্ৰতিযোগিতাত কলকাতাৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ ক্লাব।