virat kohli
virat kohli  
ক্রীড়া-জগত

''দিপাৱলীৰ আৰম্ভণি'' পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ পাছতেই অমিত শ্বাহৰ টুইট

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেওবাৰে মেলবৰ্ণত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে। ৫৩ টা বলত ৮২ ৰাণ কৰি বিৰাট কোহলীৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতেই দেশবাসীয়ে অভিনন্দন জনাইছে।

আজিৰ অবিশ্বাস্য বিজয়ৰ পাছত ৰাজনৈতিক দলসমূহৰ নেতাসকলে ভাৰতৰ প্ৰাক্তন অধিনায়ক জনক প্ৰশংসাৰে উপচাই পেলাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয় যে : "সঠিক ৰূপত আৰম্ভ টি-২০ বিশ্বকাপ । দীপাৱালী আৰম্ভ। @imVKohli কি ক্ৰেকিং ইনিংছ। দলটোক অভিনন্দন।"

কংগ্ৰেছ নেতা শশী থাৰুৰে টুইট কৰি কয় যে তেওঁৰ পুৱা গোৱালে থকা ফ্লাইটৰ সময় সলনি কৰি নিশা ৰাখিছিল। কিয়নো ভাৰত-পাকিস্তানৰ খেল তেওঁ চাব বিচাৰিছিল। এই খেল দেখি তেওঁ আনন্দিত হোৱা বুলি উল্লেখ কৰে।"।

এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, বিৰাটৰ উৎকৃষ্ট খেলে ভাৰতক পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰাত সহায় কৰিলে। টি-২০ত বিশ্ব কাপৰ ভাৰত আৰম্ভণিৰ বাবে টীম ইণ্ডিয়া আৰু সকলো দেশবাসীক অভিনন্দন জনাইছো। এই শৃংখলা অব্যাহত ৰাখি, আমি বিশ্বকাপও জিকিম।

ইয়াৰোপৰি আৰু বহু ৰাজনৈতিক ব্যক্তিকে ধৰি সমগ্ৰ দেশবাসীয়ে টীম ইণ্ডিয়াক জনাইছে অভিনন্দন। উল্লেখ্য যে, আজিৰ খেলত ১৬০ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতৰ সন্মুখত।