ৰাজ্যিক প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা দিব্যাংগ খেলুৱৈক সম্বৰ্ধনা...
ৰাজ্যিক প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা দিব্যাংগ খেলুৱৈক সম্বৰ্ধনা... 
ক্রীড়া-জগত

ৰাজ্যিক প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা দিব্যাংগ খেলুৱৈক সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অসমৰ দ্বাৰা আয়োজিত চতুৰ্থ ৰাজ্যিক দিব্যাংগ জন ক্ৰীড়া সমাৰোহত চিৰাং জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰা দিব্যাংগ খেলুৱৈ আমিন আনছাৰী আৰু মহম্মদ ছামীন আনছাৰীক কাজলগাঁৱত সম্বৰ্ধনা জনোৱা হয় ।

গ্ৰামাঞ্চলৰ পৰা দিব্যাংগ খেলুৱৈসকলক উপযুক্ত মানসিক আৰু শাৰীৰিক প্ৰশিক্ষণ আগবঢ়াই ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ গ্ৰহণ কৰা নোবেল চছিয়েল ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠন ফালৰ পৰা সোমবাৰে কাজলগাঁৱত বিশিষ্ট ক্ৰীড়া সংগঠনক গুণশংকৰ ওৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজয়ী দিব্যাংগ খেলুৱৈ দুজনক নোবেল ছচিয়েল ফাউণ্ডেশ্যনৰ পৰা উষ্ণ আঁদৰণি জনোৱা হয় ।

ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অসমৰ দ্বাৰা যোৱা ২৭, ২৮ ফেব্ৰুৱাৰী, ২০২৩ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ ৰাজ্যিক দিব্যাংগ জন ক্ৰীড়া সমাৰোহত চিৰাং জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি আমিন আনছাৰীয়ে ১০০ মিটাৰ দৌৰত সোণৰ পদক, শ্বটপুটত ৰূপৰ পদক আৰু মহম্মদ ছামীন আনছাৰীয়ে ১০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিছিল ।

আজিৰ এই আদৰণি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নোবেল ছচিয়েল ফাউণ্ডেশ্যনৰ মুখ্য সঞ্চালক তপন কুমাৰ ৰায়, নোবেল ছচিয়েল ফাউণ্ডেশ্যনৰ কোকৰাঝাৰ শাখাৰ সঞ্চালক ডাঃ ৰাজু সৰকাৰ আৰু গুৱাহাটী শাখাৰ সঞ্চালক অবিনাশ বৰাই বিজয়ী দিব্যাংগ খেলুৱৈ আমিন আনছাৰী আৰু মহম্মদ ছামীন আনছাৰীক মেডেল আৰু আৰ'নাইৰে সম্বৰ্ধনা জনায় ।

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত চিৰাং জিলা দিব্যাংগ সন্থাৰ হৈ সভাপতি বিশ্বজিত গয়াৰীয়ে বিজয়ী খেলুৱৈ দুজনক সম্বৰ্ধনা জনায় । সভাত জিলাখনৰ বিভিন্ন এলেকাৰ পৰা অহা দিব্যাংগ লোক উপস্থিত আছিল।