- অলিম্পিকত অন্তৰ্ভূক্ত হ'ব ক্ৰিকেট।
- ২০২৮ চনৰ লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগা অলিম্পিকৰ বাবে চলি আছে প্ৰস্তুতি।
- বিশ্বৰ এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাতেই ক্ৰিকেট অন্তৰ্ভূক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
- এই সন্দৰ্ভত চলি আছে আলোচনা।
- সোমবাৰে মেৰিলিব'ন ক্ৰিকেট ক্লাৱৰ বিষয় ববীয়াক এই কথা জনালে আইচিচিয়ে।
- ক্লাৱটোৰ অধ্যক্ষ মাইক গেটিঙৰ মতে সেই ক্ষণৰ প্ৰতিক্ষাত তেওঁলোক।
- দীৰ্ঘদিন ধৰি অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভূক্তিৰ দাবী উত্থাপন হৈ আহিছিল।