ক্রীড়া-জগত

ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০১৯ৰ ক্ৰিকেট বিশ্বকাপ দখল কৰিলে ইংলেণ্ডে। প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী হাতত লৈ আৱেগিক হৈ পৰিছিল ইংলেণ্ড ক্ৰিকেট দলৰ সকলো সদস্য। ইংলেণ্ডক এই বিশ্বকাপ উপহাৰ দিয়াৰ ক্ষেত্ৰত জ'ফ্ৰা আৰ্চৰে পালন কৰিছিল বিশেষ ভূমিকা। দুৰ্দান্ত বলিঙেৰে ছুপাৰ অভাৰত নিউজীলেণ্ডক পৰাভূত কৰা এই বলাৰ গৰাকীৰ এটা খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে।

যি সময়ত আৰ্চাৰে খেলপথাৰত নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেল খেলি আছিল সেই সময়ত ভিতৰি খুবেই অশান্তিত আছিল খেলুৱৈগৰাকী। কিয়নো ফাইনেলৰ এদিনৰ পূৰ্বে দুৰ্বৃৰ্ত্তই হত্যা কৰিছিল আৰ্চাৰৰ একমাত্ৰ ভাতৃক।

এই ঘটনাই আৰ্চাৰক খুবেই মৰ্মাহত কৰিছিল। ফিলিপত থকা ভাতৃৰ মৃত্যুৰ খবৰ শুনিও অতি ধৈৰ্যৰে খেলত মনোনিৱেশ কৰিছিল আৰ্চাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৮ টা গুলীৰে হত্যা কৰা হৈছিল আৰ্চাৰৰ ভাতৃক। সেই সময়ত পত্মীৰ লগতে ৪ বছৰীয়া সন্তানো উপস্থিত আছিল ঘটনাস্থলীত।