ক্রীড়া-জগত

চন্দ্ৰধৰ ডেকা সোঁৱৰণী ৰিভাৰ ৰাইন টি-২০ ক্ৰিকেটত ৰয়েল ক্ৰিকেট ক্লাব চেম্পিয়ন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ জজ খেলপথাৰত চলি থকা চন্দ্ৰধৰ ডেকা সোঁৱৰণী ৰিভাৰ ৰাইন টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে ৰয়েল ক্ৰিকেট ক্লাবে। প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনত ৰয়েল ক্ৰিকেট ক্লাবে উদ্যোক্তা ৰিভাৰ ৰাইন ক্লাবক ৪৮ ৰানত পৰাস্ত কৰে।

টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লোৱা ৰয়েলে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৮ ৰান। দলীয় ইনিংছত অৰ্ণৱ চৌধুৰীয়ে সৰ্বাধিক ২৮, সুজয় তৰফদাৰে ২৫ আৰু স্বৰূপম পুৰকায়স্থই ২০ ৰানৰ বৰঙণি আগবঢ়ায়। ৰিভাৰ ৰাইনৰ হৈ বিকি ৰজক, অমিত যাদৱ, ৰামা জয়ছোৱাল প্ৰত্যেকে দখল কৰে দুটাকৈ উইকেট।

প্ৰত্যুত্তৰত উদ্যোক্তা ৰিভাৰ ৰাইনে ১৯ অভাৰত মাত্ৰ ৯০ ৰান সংগ্ৰহ কৰিয়েই আটাইকেইটা উইকেট হেৰুৱায়। ৰিভাৰ ৰাইনৰ সঞ্জীৱ দত্তই ১৫ৰান, কৌশিক ওজা, ছাহিল জৈনে প্ৰত্যেকে ১৪ আৰু অমিত যাদৱে ১৩ ৰান স্ক'ৰ কৰে। ৰয়েলৰ হৈ পুষ্পৰাজ শৰ্মাই ৩টা, স্বৰূপম পুৰকায়স্থ, মণ্টু দাস, শেখৰজ্যোতি বৰ্মনে দুটাকৈ উইকেত হস্তগত কৰে।

মেন অব দ্য মেচৰ সন্মান লাভ কৰে ৰয়েলৰ পুষ্পৰাজ শৰ্মাই। মেন অব দ্য ছিৰিজৰ লগতে শ্ৰেষ্ঠ বেটছমেনৰ খিতাপ জয় কৰে উদ্যোক্তা দল ৰিভাৰ ৰাইনৰ ৰঞ্জিত চাংমাইয়ে। ৰয়েল ক্ৰিকেট ক্লাবৰ পুষ্পৰাজ শৰ্মাই শ্ৰেষ্ঠ বলাৰ, ৰিভাৰ ৰাইনৰ আবুদ্দিন খানে শ্ৰেষ্ঠ ফিল্ডাৰ আৰু গুৱাহাটী টাউন ক্লাবৰ গোবিন্দ ৰাজবংশীয়ে শ্ৰেষ্ঠ উইকেটৰক্ষকৰ সন্মান লাভ কৰে।

খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ ৰাজেশ বৰা, ৰিভাৰ ৰাইন ক্লাবৰ মুখ্য উপদেষ্টা ডঃ জিতেন্দ্ৰ গোস্বামী, ক্ৰীড়া সংগঠক গণেশ তামুলী, নৱ ডেকা, 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু ক্ৰীড়া আলোচনী 'অলিম্পিয়ান'ৰ সম্পাদক চিৰঞ্জীৱ শৰ্মাই।