ক্রীড়া-জগত

ৰঞ্জী ট্ৰফীসহ ৩ আগশাৰীৰ প্ৰতিযোগিতা স্থগিত বি চি চি আইৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত ৰখা হ'ল ৰঞ্জী ট্ৰফী। ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন কোৰোনাৰ বৰ্ধিত সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে বুলি ঘোষণা কৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে।

ইফালে বি চি চি আইৰ আন এক ঘৰুৱা প্ৰতিযোগিতা চিকে নাইডু ট্ৰফীও পিছুৱাই দিয়া হৈছে। এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সময়সূচী এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। আনহাতে মহিলাৰ টি-২০ লীগও পিছুৱাই দিয়া হৈছে।

এক বিবৃতিত বি চি চি আইৰ সচিব জয় শ্বাহে কয়, "বি চি চি আইয়ে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে। আমি তিনিওটা প্ৰতিযোগিতা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো। অৱস্থা স্বাভাৱিক হোৱাৰ পিছত প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ বাবে বিবেচনা কৰা হ'ব।"

সমগ্ৰ দেশতে কোভিড-১৯ ৰ ঘটনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যিকোনো প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো বিপদক মাতি অনাৰ বাহিৰে আন একো নহয়। গতিকে বি চি চি আইয়ে ৰঞ্জী ট্ৰফীৰ লগতে চি কে নাইডু ট্ৰফী আৰু মহিলাৰ টি-২০ পিছুৱাই দিয়াৰ বাবে সিদ্ধান্ত লৈছে।

উল্লেখ্য যে ৰঞ্জী প্ৰতিযোগিতাখন ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। প্ৰথমখন খেল মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত পঞ্জাৱ আৰু মধ্য প্ৰদেশৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল। ৰঞ্জী ট্ৰফীৰ নতুন তাৰিখৰ বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য অহা নাই।

কৰোনা ভাইৰাছ নতুন প্ৰকাৰ অমিক্ৰনৰ নতুন প্ৰকাৰৰ বাবে বিপদৰ আশংকা আৰু বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰতিযোগিতাখনৰ সৈতে জড়িত একাংশ খেলুৱৈ আৰু কৰ্মচাৰী কৰোনা পজিটিভ পোৱা গৈছিল। মুম্বাই আৰু বেংগলৰ বহু কেইজন খেলুৱৈ কোৰোনাত আক্ৰান্ত হৈছিল। মুম্বাইৰ অলৰাউণ্ডাৰ শিৱম দুবে সংক্ৰমিত হৈছিল কোৰোনাত।

উল্লেখ্য যে ৰঞ্জী ট্ৰফী ১৩ জানুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰতিযোগিতাখনৰ বাবে নিৰ্ধাৰিত সময়ত ১০৫ খন মেচৰ সূচী তৈয়াৰ কৰা হৈছিল। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।