ক্রীড়া-জগত

ইংলেণ্ডত ভাৰতীয় ক্ৰিকেটাৰে খাইছে কি? বি চি চি আইৰ টুইটক লৈ দেশজুৰি বিতৰ্ক

asomiyapratidin

ডিজিটেল ডেস্কঃ ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় দলৰ ভাল দিন চলা নাই। খেলপথাৰত বিফলতা বুটলিছে কোহলি বাহিনীয়ে। দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ১০৭ ৰানত অল আউট হৈ সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দল। এতিয়া পিছে খেলৰ বাবে চৰ্চালৈ অহা নাই টীম ইণ্ডিয়া।

বি চি চি আইয়ে অফিচিয়েল টুইটাৰ একাউণ্টযোগে তৃতীয় দিনা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ বাবে মধ্যাহ্ন ভোজনৰ খাদ্যৰ মেনু টুইট কৰিছিল। ছ'চিয়েল মিডিয়াত সেই মেনুক লৈ এতিয়া চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ।

য'ত ভাৰতীয় খেলুৱৈসকলৰ বাবে থকা খাদ্য তালিকাত স্থান পাইছে 'Braised Beef Pasta'ই। ছ'চয়িলে মিডিয়াত বিভিন্নজনে এই খাদ্য তালিকাৰ মেনুক লৈ সমালোচনা কৰিছে বি চি চি আইক।

কোনো কোনোৱে এনে মন্তব্যও কৰিছে যে- বি চি চি আইয়ে প্ৰকাশ কৰা ভাৰতীয় ক্ৰিকেটাৰৰ এই খাদ্য তালিকাত থকা এনে খাদ্য খাই ভাৰতীয় দলে আৰু কি ভাল প্ৰদৰ্শন কৰিব?

এই টুইটক লৈ এতিয়া গৰম ছ'চিয়েল মিডিয়া। ৰাষ্ট্ৰীয় সংবাদমাধ্যমেও প্ৰকাশ কৰিছে এই খবৰ। ইংলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলে প্ৰথমখন টেষ্টত ইতিমধ্যে পৰাজয় বৰণ কৰিছে। দ্বিতীয়খন টেষ্টটো ভাৰতীয় দল আছে বেকফুটত।

তেনে সময়ত ক্ৰিকেটৰ সলনি বি চি চি আইয়ে কি কাৰণ খাদ্য তালিকা এনেদৰে ৰাজহুৱা কৰিলে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে। ব্যক্তিভাৱে কোনো খেলুৱৈয়ে কি খাদ্য খাই সেয়া তেওঁৰ নিজৰ বিষয়।

বিদেশ ভ্ৰমণলৈ যোৱা দলটোৰ খাদ্য তালিকাত বিভিন্ন খাদ্য সম্ভাৰ থাকিব পাৰে। যিসময়ত ভাৰতীয় দলে ক্ৰিকেটত গুৰুত্ব দিয়াটো প্ৰয়োজন আছিল, সেই সময়ত কি ভাবি খাদ্য তালিকা ৰাজহুৱা কৰাৰ দৰে ঘটনা বি চি চি আইয়ে কৰিলে আৰু ছ'চিয়েল মিডিয়াত এই বিষয়টো চৰ্চাৰ অৱকাশ দিলে সেয়াহে এতিয়া লক্ষণীয় বিষয়ৰূপে বিবেচিত হৈছে।