ক্রীড়া-জগত

আজি বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে দুপৰীয়া ১.৩০ বজাত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'ব প্ৰত্যাশিত এদিনীয়া মেচখন। খেলখন চাবলৈ ইতিমধ্যে ৰাজ্যৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ বহুলোকে গুৱাহাটী মহানগৰীৰ বহু ঠাইত বাহৰ পাতিছেহি। আন্তৰ্জাতিক ক্ৰিকেট মেচখনৰ বাবে কটকটীয়া নিৰাপত্তাও গঢ়ি তুলিছে প্ৰশাসনে।

৫ খনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব গুৱাহাটীত। দুয়োটা দলে বিজয়ৰ বাবে যুজঁ দিব খেলখনত। বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শিখৰ ধাৱান, অম্বতি ৰাইডু, এম এছ ধোনী (উইকেট কীপাৰ), ৰবিন্দ্ৰ জাডেজা, যুজবেন্দ্ৰ চহল, কুলদ্বীপ যাদৱ, মহম্মদ চামী, কে খলিল আহমেদ আৰু উমেশ যাদৱ আৰু ৰিষভ প'ণ্টেৰ নাম খেলুৱৈৰ তালিকাত আছে খেলখনৰ বাবে।

উল্লেখ্য যে মেচখন প্ৰত্যক্ষ কৰিব শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলীকে আদি কৰি বহু প্ৰাক্তন খেলুৱৈয়ে। জেড পৰ্যায়ৰ নিৰাপত্তাৰ মাজেৰে সকলো খেলুৱৈকে নিৰাপত্তা দিছে অসম চৰকাৰে।