ক্রীড়া-জগত

বৰপেটাৰ ভেল্লাত সদৌ অসম প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ ভেল্লাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা। ভেল্লা ফুটবল কোচিং চেন্টাৰৰ উদ্যোগত আৰু ইউফাৰ সহযোগত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায় বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই।

প্ৰথম পুৰস্কাৰ ৫০হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০ হাজাৰ টকা ধাৰ্য্য কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সনাতন দাস আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ দাসে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা ধনী আলী, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক।

উদ্বোধনী খেলত 'বাৰাদী এফ চি'ৰ বিৰুদ্ধে 'চৰাইমাৰীৰ ২৪আই আৰ বেটেলিয়ান' দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত সমাপ্ত হোৱাৰ পাছত টাইব্ৰেকাৰৰ সহায়ত বাৰাদী এফ চিয়ে চৰাইমাৰীৰ ২৪আই আৰ বেটেলিয়ান দলক ৬-৫গলত পৰাস্ত কৰে।

শনিবাৰে গোৱালপাৰা এফ চি আৰু বামুনবড়ী ফুটবল ক্লাবৰ মাজত দ্বিতীয়খন ফুটবল খেল অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি মৌচম নাজিম আৰু সম্পাদক নেকিবুৰ ৰহমানে।