ক্রীড়া-জগত

ইণ্ডিয়া বুক্‌ অফ ৰেকৰ্ডত বৰপথাৰৰ যুৱক প্ৰশান্ত কুমাৰ দাসৰ নাম, মানপত্ৰ-মেডেল লাভ, দল-সংগঠনৰ অভিনন্দন

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰৰ যুৱক প্ৰশান্ত কুমাৰ দাসলৈ অৱশেষত ইণ্ডিয়া বুক্‌ অফ ৰেকৰ্ডে স্বীকৃতি প্ৰদান কৰিলে৷ কন্‌ষ্টেনন্ট মাল্টিপুল ৱৰ্ক আউট ইভেন্টৰ বাবে প্ৰশান্ত কুমাৰ দাসলৈ এই স্বীকৃতি প্ৰদান কৰা হয়৷ ২০২০ চনৰ বাবে প্ৰকাশ পাব লগা ইণ্ডিয়া বুক্‌ অফ ৰেকৰ্ডত এই ইভেণ্টত প্ৰশান্তৰ নাম সন্নিবিষ্ট হ'ব৷ উল্লেখ্য যে, এই ৰেকৰ্ডৰ বাবে প্ৰশান্তই যোৱা ২৩ চেপ্টেম্বৰ ২০১৯ তাৰিখে উৰিয়ামঘাট যোৰ দলঙৰ পৰা বৰপথাৰলৈ একেৰাহে ২২.৫ কিলোমিটাৰ খোজকাঢ়ি আহি ৫০ বাৰ পুচ আপ, ৫ মিনিট বক্সিং পেডিং, নি কম্বিনেচন আৰু ২ কিলোমিটাৰ চাইকেলিঙ কৰিছিল।

প্ৰশান্তই ৩ ঘণ্টা ২০ মিনিটত অলপো জিৰণি নোলোৱাকৈ আটাইকেইটা ইভেণ্ট সম্পন্ন কৰিছিল৷ উল্লেখ্য যে, প্ৰশান্তই ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষলৈ জনোৱা আবেদনৰ পাছত ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষই প্ৰশাসনক যোৱা ২৩ চেপ্টেম্বৰত এই প্ৰয়াস কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পাছত প্ৰশান্তই সফলতাৰে এই কাৰ্য সম্পন্ন কৰিছিল। তাৰ পিছতে ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষই সকলো তথ্য চালি জাৰি চাই এই স্বীকৃতি প্ৰদান কৰে৷

ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষই প্ৰশান্তলৈ এই ৰেকৰ্ডৰ স্বীকৃতি ৰূপে এখন মানপত্ৰ, এটা মেডেল, এখন ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ ২০১৯ চনৰ পুথি, এটা কলম, এটা বেজ আৰু দুটা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ ল'গ' প্ৰেৰণ কৰিছে৷ প্ৰশান্তৰ কৃতিত্বত উৎসাহিত ধনশিৰি বাসীয়ে প্ৰশান্তক অভিনন্দন জ্ঞাপন কৰিছে৷

ৰপথাৰস্থিত ধনশিৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰশান্ত এগৰাকী সমৰ কলাৰ প্ৰশিক্ষকো৷ প্ৰচাৰ বিমুখ এই যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ শ শ যুৱক-যুৱতীক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ ইয়াৰ উপৰিও প্ৰশান্ত সদৌ অসম স্প'ৰ্ট কিক বস্কিং এছ'চিয়েছনৰ টেকনিকেল ডাইৰেক্টৰৰ দৰে পদত অধিষ্ঠিত হৈ আছে। প্ৰশান্তৰৰ ওচৰত প্ৰশিক্ষণপ্ৰাপ্ত বহু কেইগৰাকী যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

বিশ্ব বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বুঢ়াগোহাঁই বক্সিঙৰ আদি গুৰু এই প্ৰশান্ত কুমাৰ দাস৷ প্ৰথম অৱস্থাত প্ৰশান্তৰ ওচৰতে লাভলিনাই কিক্‌ বক্সিং আৰু মুৱাই-থাই প্ৰশিক্ষণ লৈছিল৷ যুৱকজনৰ এই কৃতিত্বৰ বাবে বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, ধনশিৰি মহকুমা সাংবাদিক সংস্থা, ধনশিৰি আপকু, বৰপথাৰ প্ৰেছ ক্লাব, বৰপথাৰ ব্যৱসায়ী সন্থা, ধনশিৰি চুতীয়া ছাত্ৰ সন্থা আদিয়ে অভিনন্দন জনাইছে৷