ক্রীড়া-জগত

জাকাৰ্টাত আজিৰে পৰা উজলিব অসম সন্তান

asomiyapratidin

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা অষ্টাদশ এছিয়ান গেমছত আজিৰে পৰা অভিযান আৰম্ভ কৰিব অসমৰ খেলুৱৈয়ে। আজি প্ৰতিযোগিতাখনৰ বেডমিণ্টন ইভেণ্টত দেখা যাব অসমৰ অস্মিতা চলিহাক।

অসম কন্যাগৰাকীয়ে মুখামুখি হ'ব জাপানৰ শ্বাটলাৰ ছায়াকা হিৰ'তাৰ সৈতে। উল্লেখ্য যে অস্মিতাৰ লগতে এইবাৰ এছিয়াডত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব ৬গৰাকীকৈ অসম সন্তানে।

এই ৬ অসম সন্তানৰ ভিতৰত আছে ফিনলেণ্ডত এথলেটিকছত স্বৰ্ণ জয়েৰে ইতিহাস ৰচা হিমা দাস আৰু বক্সাৰ শিৱ থাপা। হিমাই প্ৰতিযোগিতাখনত ২৫ আগষ্টত ট্ৰেকত অৱীতৰ্ণ হ'ব।