ক্রীড়া-জগত

কাৰ বিৰুদ্ধে কি ইভেণ্টত আজি এছিয়াম গেমছত ভাৰতৰ যুঁজ?

asomiyapratidin

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত অনুষ্ঠিত ২০১৮ এছিয়ান গেমছত দেওবাৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় মহিলা কাবাদী দলে। গ্ৰপু এ-ৰ খেলত ভাৰতীয় দলটোৱে জাপানক ৪৩-১২ ব্যৱধানত পৰাস্ত কৰে।

প্ৰথম দিনা ভাৰতীয় শ্বুটিং আৰু ৰেছলিঙৰ ইভেণ্টততো সুন্দৰ প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছে। সীমা তোমৰ আৰু শ্ৰেয়শ্ৰী সিঙে মহিলা ট্ৰেপ শ্বুটিঙত কুৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ'ব। পুৰুষৰ শাখাত মানৱজিৎ সন্ধুৰ ওপৰত বহু আশা কৰা হৈছে।

ৰেছলিঙত দুবাৰকৈ ভাৰতক অলিম্পিক পদকৰ সোৱাদ দিয়া সুশীল কুমাৰে এইবাৰো সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশাৰে বাট চাইছে। মহিলা বাস্কেট বলত আজি ভাৰতীয় দলৰ সন্মুখীন হ'ব চীনা টাইপে।

দুপৰীয়া ৩ বজাত ভাৰতীয় মহিলা হেণ্ড বল দল চীনৰ বিৰুদ্ধে আৰু পুৰুষৰ হেণ্ড বল দলে বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব। কুস্থীত আজি সুশীল কুমাৰ এদম বতিৰোৱৰ বিৰুদ্ধে ৭৪ কেজি শাখাত অৱতীৰ্ণ হ'ব। পুৱা ১০.৪০ বজাত অনুষ্ঠিত হ'ব এই খেল। বেডমিণ্টন আৰু টেনিছৰ খেলসমূহো ইতিমধ্যে আৰম্ভ হৈছে।