ক্রীড়া-জগত

আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰবৈৰী দেশ ভাৰত আৰু পাকিস্তান

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত হ'ব এছিয়া কাপৰ ছুপাৰ ফ'ৰৰ তৃতীয়খন মেচ। এই খেলখনত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব চিৰবৈৰী দেশ পাকিস্তান।

সন্ধিয়া ৫ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৰোমাঞ্চকৰ খেলখনৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈছে দুয়োটা দল। পূৰ্বৰ তিনিওখন খেলতে বিপক্ষ বাহিনীক দুৰ্দান্ত প্ৰদৰ্শনেৰে তচনচ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় দলটো আজি পাকিস্তানৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰূপে দেখা দিছে।

কিয়নো এই বর্ষৰ এছিয়া কাপৰ ইতিমধ্যে হৈ যোৱা ভাৰত আৰু পাকিস্তানৰ খেলখনত ভাৰতৰ হাতত পৰাস্ত হৈছিল পাকিস্তান। ইফালে, পূৰ্বৰ তিনিওখন খেলতে ক্ৰমে হংকং, বাংলাদেশ আৰু পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটোৱে।