ক্রীড়া-জগত

এছিয়া কাপত আজি ভাৰত বনাম বাংলাদেশ

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। ডুবাই ইণ্টাৰনেচনেল ষ্ট্ৰেডিয়ামত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব এই ৰোমাঞ্চকৰ মেচখন। এফালে শ্ৰীলংকাক বৃহৎ ব্যৱধানত পৰাস্ত কৰা বাংলাদেশ, আনফালে চলিত এচিয়াকাপত এখনো মেচত পৰাজয়বৰণ নকৰা অপ্ৰতিৰুদ্ধ টীম ইণ্ডিয়া।

আজি অনুষ্ঠিত হ'ব লগা খেলখনৰ বাবে বাংলাদেশ টীমৰ খেলুৱৈৰ একো সালসলনি নহয় যদিও ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে তিনিজন নতুন খেলুৱৈ।