হাংজৌত ষষ্ঠ স্থানতে থমকিল ভাৰতৰ দ্ৰুততম মানৱ অম্লান বৰগোহাঁই...
হাংজৌত ষষ্ঠ স্থানতে থমকিল ভাৰতৰ দ্ৰুততম মানৱ অম্লান বৰগোহাঁই... 
ক্রীড়া-জগত

হাংজৌত ষষ্ঠ স্থানতে থমকিল ভাৰতৰ দ্ৰুততম মানৱ অম্লান বৰগোহাঁই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এছিয়ান গেমছত ২০০ মিটাৰ দৌৰত ৬ নং স্থানতে থমকিল অম্লান বৰগোহাঁই। দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিচিত অম্লানে দেওবাৰে ছেমি ফাইনেলত ২১.০৮ ছেকেণ্ড সময়েৰে চতুৰ্থ স্থান দখলেৰ ফাইনেলত স্থান সুনিশ্চিত কৰিছিল যদিও সোমবাৰে অম্লানে ফাইনেলত ২০.০৬ ছেকেণ্ড সময়েৰে ষষ্ঠ স্থানতে সীমাবদ্ধ থাকে।

ইয়াৰ বিপৰীতে জাপানৰ উয়েমামা ককিয়ে ২০.৬০ ছেকেণ্ড সময়েৰে প্ৰথম স্থান প্ৰাপ্তিৰে স্বৰ্ণ অৰ্জন কৰে। উল্লেখ্যে উয়েমামা ককিয়েই জাপানৰ প্ৰথমগৰাকী এথলিট যিয়ে চলিত এছিয়ান গেমছৰ ট্ৰেক এণ্ড ফিল্ডত এই পৰ্যন্ত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আনহাতে ছৌদি আৰবৰ আব্দুল্লাহ আবকৰে ২০.৬৩ ছেকেণ্ড সময়েৰে দ্বিতীয়স্থান, আৰু চাইনীজ টাইপেৰ য়াং চুন হানে ২০.৭৪ ছেকেণ্ডেৰে তৃতীয় স্থান লাভ কৰি ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰে।