ক্রীড়া-জগত

ফুটবল মেচ নহয় যেন কুৰুক্ষেত্ৰহে ! সাক্ষী হৈ ৰ'ল বলিউডৰ পিতামহ অমিতাভ বচ্চন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আৰৱৰ ৰিয়াদৰ ষ্টেডিয়াম নহয় যেন, কুৰুক্ষেত্ৰহে। পাণ্ডৱক পৰাস্ত ৰণ ক্ষেত্ৰত পৰাস্ত কৰিবলৈ ৰচনা কৰিছে চক্ৰবহু। বেহু ভেদ কৰিবলৈ আগবাঢ়ি গৈছে অৰ্জুন পুত্ৰ অভিমন্যু স্বৰূপ ৰনাল্ডো। সন্মুখত সপ্তৰথী ৰূপত মহাতাৰকা লিয়নেল মেছি, এম্বাপে, নেইমাৰ আৰু বহুতো।

বেহু ভেদ কৰি কৌৰৱৰ মাজত এফালৰ পৰা সংহাৰ কৰি গৈছে ৰনাল্ডোৱে। এক কথাত অপ্ৰতিৰোধ্য। বেহু ভেদ কৰিবলৈ গৈ বেহুৰ মাজত সোমাই পৰা অভিমন্যু ৰূপী ৰনাল্ডোৰ জয় নহ'ল। কৰুণ পৰিসমাপ্তি।

চৌদি আৰৱৰ ৰিয়াদত সেয়াই হ'ল। মেছি, নেইমাৰ, এম্বাপে বাহিনীৰ সন্মুখত অভিমন্যু হৈ থিয় দিলে ৰনাল্ডোৱে। বিশ্ববাসী সাক্ষী হৈ ৰ'ল একবিংশ শতিকাৰ অন্যতম এখন শ্ৰেষ্ঠ মেচৰ।

চৌদি আৰৱৰ ৰাজধানী ৰিয়াদত পেৰিছ ছেইণ্ট জাৰ্মেইন (পি এছ জি) আৰু ৰিয়াধ ইলেভেনৰ মাজত অনুষ্ঠিত হোৱা প্ৰদৰ্শনী খেলখনক লৈ সমগ্ৰ বিশ্বতে এতিয়া চৰ্চা। লিঅ'নেল মেছি, এম্বাপে, নেইমাৰে মেচখনত পি এছজিৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আছিল ৰিয়াধ ছিজন ইলেভেনৰ অধিনায়ক।

মেচখনত ভাৰতৰ মহাতাৰকা অমিতাভ বচ্চন আছিল মুখ্য অতিথি। বিগবি অমিতাভ বচ্চনে মেছি, নেইমাৰ, এম্বাপেকে ধৰি পি এছ জিৰ খেলুৱৈসকলক সাক্ষাত কৰাৰ পিছত ৰনাল্ডোক সাক্ষাত কৰিছিল।

মেচখনত বিশ্ববাসীয়ে দেখিলে মুঠ ৯ টা গ'ল। মেছি বাহিনীয়ে দিয়া প্ৰতিটো গ'লৰ উত্তৰ গ'লেৰে দিছিল ৰনাল্ডো বাহিনীয়ে। মেচখনত ৰনাল্ডোৱে নিজেই ২ টা গ'লো কৰিবলৈ সক্ষম হ'ল। প্ৰদৰ্শনী হ'লেও ৰনাল্ডোৱে এই মেচখনৰ জৰিয়তেই দিলে সমালোচকক যোগ্য উত্তৰ। যেন কৈ দিলে শেষ হোৱা নাই মই। সাৱধান।