ক্রীড়া-জগত

বক্সাৰ লাভলিনা বৰগোঁহাইক সদৌ অসম স্পৰ্ট কিক বস্কিং এছচিয়েছন (AASKA)ৰ সম্বৰ্ধনা…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ যোৱা ৩ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ ২০১৯ লৈকে ৰাছিয়াৰ উলানউদিত অনুষ্ঠিত বিশ্ব মহিলা বস্কিং চেম্পিয়নশ্বিপত বৰপথাৰৰ জীয়ৰী লাভলিনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্র দেশৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰলৈও গৌৰৱ কঢ়িয়াই আনিছে ।.

সোমবাৰে তেওঁৰ নিজা বাসগৃহত সদৌ অসম স্পৰ্ট কিক বস্কিং এছচিয়েছন (AASKA) ৰ ৰাজ্যিক সমিতিৰ সম্পাদক ঝংকাৰ গগৈ, টেকনিকেল ডাইৰেক্টৰ প্ৰশান্ত কুমাৰ দাস, গোলাঘাট জিলা সমিতিৰ সম্পাদক দেৱাশীষ শৰ্মা উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনোৱা হয় ।