ক্রীড়া-জগত

৫৫জন ফুটবলাৰেৰে আই এছ এলত অসমসহ উত্তৰ-পূবৰ আধিপত্য

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাছিয়াৰ বিশ্বকাপৰ পিছত এইবাৰ দেশত আই এছ এলক লৈ আৰম্ভ হৈছে ফুটবলৰ উন্মাদনা। ইয়াৰ মাজতে বিশেষ ৰূপত উজলি উঠিছে উত্তৰ-পূব।

প্ৰতিযোগিতাখনত দিনে দিনে বৃদ্ধি পাবলৈ লৈছে ভাৰতৰ এই অঞ্চলটোৰ গুৰুত্ব। চলিত বৰ্ষত প্ৰতিযোগিতাখনত ভাগ লোৱা মুঠ ১০ টা দলত স্থান লাভ কৰা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ফুটবলাৰৰ সংখ্যা হৈছে ৫৫ জন।

নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু চেন্নাইন এফ চি এই দুয়োটা দলৰ প্ৰত্যেকটোতে আছে উত্তৰ-পূবৰ সৰ্বাধিক ৯ জনকৈ খেলুৱৈ।
ইয়াৰ পিছতে এটলেটিকো ডি কলকাতা দলত ৭ জন, মুম্বাই আৰু বাংগালুৰু দলত ৬জন উত্তৰ-পূবৰ ফুটবলাৰ অন্তৰ্ভূক্ত হৈছে। গোৱা আৰু দিল্লী দলত ৫জন, জামছেদপুৰত ৪জন আৰু কেৰালা, পুণে দল দুটাত আছে অঞ্চলটোৰ ৩ জনকৈ ফুটবলাৰ।

প্ৰতিযোগিতাখনত মণিপুৰৰ পৰা সৰ্বাধিক ২৪ জন, মিজোৰামৰ ১৬ জন, ছিকিমৰ ৫ জন, অসম আৰু মেঘালয়ৰ পৰা ৪জন আৰু নাগালেণ্ডৰ এজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যে, বিগত বৰ্ষত অনুষ্ঠিত ফিফা অনুৰ্ধ ১৭ বিশ্বকাপৰ ২০ জনীয়া ভাৰতীয় দলটোৰ ১০ জন ফুটবলাৰেই আছিল উত্তৰ-পূবৰ। এনেদৰেই এতিয়া ভাৰতীয় ফুটবলৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে উত্তৰ-পূবে।

এনে পৰিপ্ৰেক্ষিতত এতিয়া উত্তৰ-পূব আৰু ভাৰতীয় ফুটবল একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলিও ব্যাপকভাৱে চৰ্চিত হৈ পৰা দেখা গৈছে।
দেশৰ কেবাগৰাকী আগশাৰীৰ ফুটবল বিশ্লেষকেও নিজৰ বিশ্লেষণত এই মন্তব্যৰে অঞ্চলটোক আৰু অধিক আগবঢ়াই নিবলৈ চৰকাৰক বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে।