ক্রীড়া-জগত

চতুৰ্থ তথা শেষৰ খন টেষ্টৰ বাবে সাজু টীম ইণ্ডিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ চিডনিত অনুষ্ঠিত হ'বলগীয়া ভাৰত-অষ্টেলিয়াৰ মাজত চতুৰ্থ তথা শেষৰ খন টেষ্টৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া। ইতিমধ্যে বি চি চি আইয়ে চতুৰ্থখন টেষ্টত খেলিবলগীয়া ১৩ জনীয়া ভাৰতীয় দলটোৰ সদস্যসকলৰো নাম ঘোষণা কৰিছে। ১৩ জনীয়া এই তালিকাত স্থান পাইছে-

  • বিৰাট কোহলী (অধিনায়ক)
  • অজিঙ্কা ৰাহাণে
  • লৌকেশ ৰাহুল
  • ময়ঙ্ক আগৰৱাল
  • চেতেশ্বৰ পুজাৰা
  • হনুমা বিহাৰী
  • ঋষভ পন্ট
  • ৰবিন্দ্ৰ জডেজা
  • আৰ অশ্বিন
  • মহম্মদ শ্বামী
  • য়শপ্ৰীত বুমৰাহ
  • উমেশ যাদৱ ।

লক্ষ্যণীয় যে শাৰীৰিক আঘাতৰ বাবে মেলবৰ্ণ টেষ্টত ভাগ লোৱা নাছিল আৰ অশ্বিনে। কিন্তু মঙলবাৰে চিডনী ক্ৰিকেট ষ্টেডিয়াম এছ চি জিত কঠোৰ অনুশীলনত ব্যস্ত দেখা গ'ল খেলুৱৈজনক । উল্লেখ্য যে, ৩ জানুৱাৰীৰ পৰা চিডনীত আৰম্ভ হ'ব চতুৰ্থখন টেষ্ট।