সেনা বিষয়াই হত্যা কৰিছিল বন্দনাশ্ৰীক !
সেনা বিষয়াই হত্যা কৰিছিল বন্দনাশ্ৰীক ! 
বিশেষ প্ৰতিবেদন

সেনা বিষয়াই হত্যা কৰিছিল বন্দনাশ্ৰীক !

Asomiya Pratidin
লকেটে দিলে হত্যাকাৰীৰ সন্ধান ! কামৰূপ আৰক্ষীৰ ফেচবুক পোষ্টৰ আলমত উদ্ধাৰ হত্যাৰ বলি হোৱা মহিলাৰ পৰিচয়। চেন্নাইৰ মহিলাৰ মৃতদেহ কিদৰে পালেহি চাংসাৰি? সেনাৰ কৰ্ণেল আৰু এই হত্যাকাণ্ডৰ মাজত কি সম্পৰ্ক? এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

আজিৰ পৰা প্ৰায় ১০ দিনৰ পূৰ্বে বস্তাৰ ভিতৰত এটা মৃতদেহ উদ্ধাৰ হৈছিল। উত্তৰ গুৱাহাটীত উদ্ধাৰ হোৱা এই মৃতদেহটো কাৰ তাকলৈ বিপাঙত পৰিছিল আৰক্ষী। কাৰ মৃতদেহ হ'ব পাৰে সেয়া চিনাক্ত কৰিব নোৱাৰি আৰক্ষীয়ে সামাজিক মাধ্যমত এই খবৰ প্ৰকাশ কৰিছিল।

ক্লু হিচাপে আৰক্ষীৰ হাতত আছিল এটা মাত্ৰ লকেট। কেইবাদিনৰ অন্তত আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল কামৰূপ জিলাৰ চাংসাৰিত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ হত্যাকাৰী কোন।

কামৰূপ জিলাৰ আৰক্ষীয়ে ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ তেজপুৰৰ মুখ্য কাৰ্যালয়ৰ পৰা আটক কৰিলে এগৰাকী উচ্চপদস্থ সেনা বিষয়াক। নাম তেওঁৰ অমৰেন্দ্ৰ সিং ৱালিয়া। সেনাৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্বত থকা ৱালিয়াই হত্যাকৰা মহিলাগৰাকীৰ নাম বন্দনাশ্ৰী।

চেন্নাইত ঘৰ বন্দনাশ্ৰীৰ। এটা সন্তানৰ মাতৃ এইগৰাকী মহিলা। বিবাহ বিচ্ছেদ হ'লেও তেওঁৰ আছিল ৪ বছৰীয়া কন্যা সন্তান। আৰক্ষীৰ জেৰাত সেনা বিষয়াগৰাকীয়ে স্বীকাৰ কৰিছে এই হত্যাকাণ্ডৰ কথা।

কৰ্ণেল অমৰেন্দ্ৰ সিং ৱালিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ। সেই সূত্ৰে সেনা বিষয়াগৰাকীয়ে তেওঁৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰিছিল। বাৰনাাসীৰ পৰা শেষৰ বাৰ দিল্লী হৈ অসমলৈ আহিছিল এই মহিলাগৰাকী।

ৰাজধানী এক্সপ্ৰেছেৰে তেওঁ অসমলৈ আহি সনা বিষয়াগৰাকীক যোগাযোগ কৰিছিল। শেহতীয়াকৈ সেনা বিষয়াগৰাকী আৰু এই মহিলাগৰাকীৰ মাজত ১৩৮ বাৰতকৈ অধিক ফোন যোগে যোগাযোগ হৈছিল।

সামাজিক মাধ্যমৰ জৰিয়তে অসম আৰক্ষীয়ে এই মহিলাগৰাকীৰ মৃত্যুৰ খবৰ দিয়াৰ পাছত চেন্নাউই আৰক্ষীৰ সহযোগত বন্দনাশ্ৰীৰ পৰিয়ালে কামৰূপ আৰক্ষীৰ লগত যোগাযোগ কৰিছিল। মহিলাগৰাকীক চিনাক্ত কৰাত সহায় কৰিছিল তেওঁৰ ডিঙিত থকা এটা বিশেষ লকেটে।

মহিলাগৰাকীক কিয় হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু প্ৰেম জনিত কাৰণতেই যে এই কাণ্ড সংঘটিত হৈছে সেয়া প্ৰায় নিশ্চিত হৈছে আৰক্ষী। হত্যাকাণ্ড সংঘটিত কৰি তথ্য, প্ৰমাণ লুকুৱাবলৈ সকলো চেষ্টা কৰিছিল বিষয়াগৰাকীয়ে।

আনকি বন্দনাক হত্যা কৰাৰ পাছত তেওঁৰ চাৰিবছৰীয়া কন্যাক হাওৰাত এৰি থৈ আহিছিল এই সেনা বিষয়াজনে। বৰ্তমান মহিলাগৰাকীৰ কন্যা কামৰূপ আৰক্ষীৰ জিম্মাত আছে।

মৃতদেহ উদ্ধাৰৰ পিছত কামৰূপ আৰক্ষীয়ে দিয়া সেই টুইট