বিশেষ প্ৰতিবেদন

সাজু হৈ উঠিছে গেৰুকামুখ প্ৰকল্প, চৰকাৰ নহয় ৰাইজেই ল'ব লাগিব নিজৰ সুৰক্ষাৰ দায়িত্ব

Asomiya Pratidin
মাৰ্চ মাহৰ পৰা আৰম্ভ হ'ব গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্প । কেন্দ্ৰীয় চৰকাৰলৈ এই উপহাৰ এন এইচ পি চিৰ । কিন্তু এই জলবিদ্যুৎ প্ৰকল্পৰ সৈতেই অসম কি এক ভয়াৱহ বিপদৰ দিশে আগবাঢ়ি গৈ আছে সেই সম্পৰ্কে অজ্ঞাত বহু লোক । এই সন্দৰ্ভতেই জয়দীপ নাৰায়ণ দেবৰ আজিৰ এই প্ৰতিবেদন-

সাজু হৈ উঠিছে হেনো নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প । ২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এটা দশকতকৈও অধিক সময়ৰ পাছত দেশৰ সৰ্ববৃহৎ নদীবান্ধ হিচাপে পৰিগণিত হোৱাৰ ওপৰিও সৰ্বোচ্চ বিদ্যুৎ উৎপাদনো কৰিব এই প্ৰকল্পটোৱে । ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৯৫ শতাংশ নিৰ্মাণ কাৰ্য । আগন্তুক মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশক পোহৰাবলৈ সাজু হৈছে এন এই পি চি অৰ্থাৎ নেশ্বনেল হাইড্ৰ'ইলেক্ট্ৰিক  পাৱাৰ কৰ্পোৰেচন । জুন মাহলৈ দুটা টাৰ্বাইনেৰে সৰ্বমুঠ ৫০০ মেগাৱাট বিদ্যুৎ আৰু পৰৱৰ্তী সময়ত ২০০০ মেগাৱাট বিদ্যুৎ  উৎপাদনৰ বাবে আঠটাকৈ টাৰ্বাইন সাজু কৰিছে এন এই পি চিয়ে ।

কিন্তু সন্মুখত ৰৈ আছে সহস্ৰাধিক পৰিয়াললৈ নামি আহিব লগীয়‍া কাল সংকট । যিকোনো এটা ভুল পদক্ষেপে মুহুৰ্ততে তছনছ কৰি পেলাব পাৰে গেৰুকামুখৰ বান্ধ তথা সোৱণশিৰিৰ নৈপৰীয়া ৰাইজৰ জীৱন ।  আগন্তুক বাৰিষা কাল যে এক গভীৰ আশংকাত উত্তৰ অসমে কটাব লাগিব সেইয়া ধূৰুপ । কিন্তু এই সতৰ্কবাণীৰ প্ৰসংগ অথবা প্ৰয়োজনীয়তা কি ? কি তথ্যৰ ওপৰত আধাৰিত এই সতৰ্কবাণী ?

এই সমগ্ৰ ঘটনাৰাজিৰ অন্তৰাললৈ যাবলৈ অতিক্ৰম কৰিব নালাগে বৰ দীঘলীয়া পৰিক্ৰমা । আনুষ্ঠানিকভাৱে ২০০৪ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই নদীবান্ধৰ বিৰুদ্ধে অসমীয়া ৰাইজে ২০০৩ চনৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । আনহাতে, এই প্ৰকল্পৰ পূৰ্ণাংগ জৰীপ আৰম্ভ হৈছিল ২০০৯ চনতেই । নিৰ্মাণকাৰ্যৰ সমান্তৰালকৈ বহু কেইটা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি লৈছিল ।

ইয়াৰ কাৰণ আছিল এই জলবিদ্যুৎ প্ৰকল্প এবাৰ আৰম্ভ হোৱা মানেই বিপদ । বিপদ সোৱণশিৰিৰ জৈৱ বৈচিত্ৰৰ প্ৰতি, বিপদ লখিমপুৰ-ধেমাজি অঞ্চলৰ লক্ষাধিক পৰিয়ালৰ প্ৰতি । কিয়নো অৰুণাচল আৰু অসমৰ সীমাৰ মাত্ৰ ৩.২ কিলোমিটাৰ ভিতৰত নিৰ্মাণ হোৱা এই নদীবান্ধটি আছে প্ৰচণ্ড খৰস্ৰোতা সোৱণশিৰি নৈৰ বুকুত । ইয়াৰ ওপৰিও সমগ্ৰ অঞ্চলটিয়েই পাহাৰীয়া আৰু ঠুনুকা অঞ্চলত বিস্তৃত । তেনেস্থলে এজাক নেৰানেপেৰা বৰষুণে অতি সহজেই ক্ষতি সাধন কৰিব পাৰে নদীবান্ধটিৰ ।

এতিয়া আহো নেপথ্যৰ ঘটনাৱলীলৈ...

কেৱল ২০২২ বৰ্ষতেই গেৰুকামুখৰ প্ৰকল্পই সন্মুখীন হ'ব লগীয়া হৈছিল বহু কেইটা প্ৰাকৃতিক দুৰ্যোগৰ । ২৭ মে'ৰ পৰা ২ আগষ্টলৈ অহৰহ সংঘটিত হৈছিল ভূমিস্খলন । ইয়াৰে কোনোবাটোই যদি সামান্য পৰিমাণৰ ক্ষতি হে সাধন কৰিছিল, আন কোনোবাই আকৌ ভৱিষ্যতে আহিব লগীয়া বিপদৰ এক অশনি সংকেত বহন কৰিছিল ।

২ ‍আগষ্টলৈ হোৱা এই ভূমিস্খলনৰ পাছমুহুৰ্ততে একেদিনাই নদীবান্ধৰ ২ ফুট ওপৰেৰে বাগৰিছিল পানী । আনহাতে, ৩ আগষ্টত বৃদ্ধি পাইছিল প্ৰকল্পটিৰ দাতি কাষৰীয়া অঞ্চলৰ জনপৃষ্ঠ । এই ঘটনা সংঘটিত হৈছিল অসমৰ সৈতে অৰুণাচলতো ।  ১৬ ছেপ্টেম্বৰত ২ নং টানেলত সৃষ্টি হৈছিল এক বৃহৎ ফুট‍াৰ । এই ফুটাৰ আকাৰ ইমানেই বৃহৎ আছিল যে এখন ১৬ চকীয়া ট্ৰাক অনয়াসে সোমাই যাব পাৰিলে হয় ইয়াৰ জৰিয়তে । আনহাতে, পানী আৰু খৰস্ৰোতা নদীৰ গেদে ছেপ্টেম্বৰৰ ২৩ তাৰিখে বন্ধ কৰি পেলাইছিল ২ আৰু ৫ নং টানেল । ২৫ ছেপ্টেম্বৰত অত্যাধিক পানী প্ৰৱেশ কৰিছিল পাৱাৰহাউছত । ১২ অক্টোবৰত পুনৰ এবাৰ ভূমিস্খলন হৈছিল অত্যাধিক বৃষ্টিপাতৰ বাবে ।

এই বৃহৎ নদীবান্ধ সম্পূৰ্ণৰূপে নিৰ্মাণ নহওতেই প্ৰতি ছেকেণ্ডত ১৩৫ বৰ্গ কিউব মিটাৰকৈ পানী বাগৰিছিল ইয়াৰ মাজেৰে । আনহাতে, ২০১৮ চনতেই জলবোমা হোৱাৰ দিশে আগবাঢ়িছিল প্ৰকল্পটি । নদীবান্ধটিৰ ওপৰৰ অংশত মূষলধাৰ বৰষুণৰ বাবে ৮০ হেজাৰ কিউবিক পানী জমা হৈছিল ২০১৮ চনতেই ।

পুনৰ উভতি আহো ২০২২ বৰ্ষলৈ । ১১ অক্টোবৰত সোৱণশিৰি নৈয়ে লখিমপুৰক উপহাৰ দিছিল বিধ্বংসী বানৰ । যি বানত ক্ষতিগ্ৰস্ত হৈছিল সহস্ৰাধিক পৰিয়াল ।আকৰ্ষণীয়ভাৱে উপৰোক্ত সমগ্ৰ ঘটনাৰাজি আছিল বাৰিষাৰ ঠিক পাছত অথবা বাৰিষাৰ পূৰ্বেই । গেৰুকামুখৰ প্ৰকল্প এন এই পি চিয়ে কেন্দ্ৰীয় চৰকাৰক উপহাৰ দিয়াৰ পৰিকল্পনা মাৰ্চ মাহত । সন্মুখত কেৱল তিনিটা মাহ । তাৰ পাছতেই আৰম্ভ হ'ব বাৰিষা কাল । যি নদীবান্ধৰ বহু অংশ বিগত বৰ্ষতেই ক্ষতিগ্ৰস্ত হ'ল সেইয়া পুনৰ্নিমাণ নকৰাকৈয়ে মুকলি কৰিবলৈ আগবাঢ়িছে এন এইচ পি চি । এই সাহস আৰু মাৰাত্মক ভুলক কোনো সংগঠনে ক্ষমা কৰি দিলেও প্ৰকৃতিৰ ৰোষৰ পৰা নিশ্চয়কৈ সাৰি নাযায় লখিমপুৰ, ধেমাজি সহিতে এক বিস্তৃত অঞ্চল ।

একেদৰেই গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ আতৰত অৱস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প । পৃষ্ঠভূমিৰ পৰা ৩৫ মিটাৰ উচ্চতা তথা ১৯৭ মিটাৰ দৈৰ্ঘ্যৰ এই বান্ধটি আছে কাৰ্বি আংলং জিলাত । ২০২০ চনৰ জুলাই মাহত বান্ধটিত থকা পানীৰ পৰিমাণ বৃদ্ধি হোৱাত প্ৰায় ২৫ মিটাৰ উচ্চতালৈ মুকলি কৰি দিয়া হৈছিল প্ৰকল্পটিৰ দুৱাৰ । যাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী বানে বিস্তৰ ক্ষতি সাধন কৰিছিল নগাওঁ জিলা পৰ্যন্ত । একেই সন্দেহৰ আৱৰ্তত ডিমা হাচাওৰ উমৰান্চো অঞ্চলৰ কপিলী জলবিদ্যুৎ প্ৰকল্পও ।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ যোশীমথ আৰু তাৰেই ওচৰ চুবুৰীয়া এলেকাৰ ৰাইজ পৰিশোধ কৰিব লগীয়া হৈছিল চৰকাৰৰ অবাধ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ হঠকাৰী সিদ্ধান্তৰ । চহৰখন ক্ৰমাৎ ভূমিপৃষ্ঠৰ তললৈ বহি গৈছিল তথা একেলেথাৰিয়ে অহা কেইবাটাও ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছিল । এই ঘটনাৰ পূৰ্বানুমান কৰা সম্ভৱ আছিল পৰিৱেশ বিজ্ঞানী আৰু ভূগোলবিদসকলৰ বাবে । কিন্তু বিগত বৰ্ষত লামডিঙৰ বিধ্বংসী বানৰ পূৰ্বানুমান কৰা সম্ভৱ নাছিল কাৰো বাবেই । সেই বিধ্বংসী বানে নিমিষতেই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুস্বৰূপ চহৰখনলৈ কিদৰে দুৰ্যোগ নমাই আনিছিল সেইয়া প্ৰত্যক্ষ কৰিছিল সমগ্ৰ বিশ্বই । কেৱল দুৰ্যোগেই নহয়, বৰং এনে দুৰ্যোগৰ প্ৰসমনৰ ক্ষেত্ৰতো অসম কিমান পিছপৰা সেই কথাও উদঙাই দিছিল কেইটামান ঘন্টাৰ ভিতৰতেই । সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰিব লগীয়া হৈছিল । সেইয়া আছিল কেৱল লামডিঙৰ কথা ।

আগন্তুক সময়ছোৱাত এক জলবোমাস্বৰূপ হৈ পৰিব গেৰুকামুখৰ প্ৰকল্প । যিকোনো মূহুৰ্ততেই পুনৰ্নিমাণ নোহোৱা বান্ধ ভাগি হুৰাহুৰে নামি আহিব পানীৰ ঢল । লক্ষাধিক অসমীয়া জীৱনৰ জলাঞ্জলি দি দেশক পোহৰ কৰাৰ পৰিকল্পনা এন এই পি চি আৰু চৰকাৰৰ । তেনেস্থলত ৰাইজলৈ আহ্বান কেৱল প্ৰতিবাদৰ জৰিয়তেই সম্ভৱ নহ'ব জীৱন ৰক্ষা, যিহেতু চৰকাৰে কোনো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন নহ'লে মাৰ্চত মুকলি কৰাৰ বাবে বদ্ধপৰিপক্কৰ তেনেস্থলত ৰাইজৰ সুৰক্ষাৰ ভাৰ ৰাইজৰ হাততেই । আগন্তুক তিনিটা মাহ হয়তো ৰাইজে সময় পাব ইয়াৰ বাবে প্ৰস্তুতি চলাবলৈ । কিন্তু বাৰিষাৰ পূৰ্বেই সাজু হ'ব লাগিব সকলো ব্যৱস্থা । কিয়নো অতি শীঘ্ৰেই অসম বুৰ যাব নদীবান্ধৰ পানীৰ মাজত ।

আনহাতে, এই জলবিদ্যুৎ প্ৰকল্প তথা বাৰিষাৰ সৈতেই সংপৃক্ত হৈ আছে আন এক তথ্য । জলবায়ু পৰিৱৰ্তন, বানপানী, খৰাং, ভূমিকম্প প্ৰৱণ অঞ্চল সকলোৰে শীৰ্ষত অসম । এই ক্ষেত্ৰত বিশ্বৰ শীৰ্ষৰ ৫০ খন স্পৰ্শকাতৰ ৰাজ্যৰ মাজৰ এখন হ'ল অসম । ২০৫০ চনলৈ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে আগুৰি ধৰিব অসমক । তেনেস্থলত অসমলৈ আহিব পৰা বিপদৰ সংখ্যা অধিক, এই প্ৰকল্পৰ পৰা অসমে লাভ কৰিব লগীয়া সম্পদৰ সংখ্যা নগন্য ।

এই ক্ষেত্ৰত সকলো দেখিও নিশ্চুপ ৰাজ্য চৰকাৰ । আহিব লগীয়া সংকটক আওকাণ কৰি কিমান দিনলৈ নিৰ্বিঘ্নে থাকিব ৰাজ্যখন । অতি সোনকালেই সকলো দিশৰ পৰা অসমক আগুৰি ধৰিব বানপানীয়ে, কিন্তু কেৱল বানপানীতে থমকি ৰ'ব জানো সকলো ? জলবোমাৰ সৃষ্টি হ'লেই কেৱল উত্তৰ অসম অথবা লখিমপুৰ, ধেমাজিয়েই নহয় বৰং সেই পথেৰেই অতিক্ৰম কৰিব লগীয়া সকলো অঞ্চলকেই নিচিহ্ন কৰি পেলান সোৱনশিৰিয়ে ।

অসমৰ ৰাইজে শিক্ষা লাভ কৰক পূৰ্বৰ দুৰ্যোগ সমূহৰ পৰা, দুৰ্যোগ প্ৰশমনত চৰকাৰৰ ব্যৰ্থতাৰ পৰা, আৰু প্ৰয়োজনত নীৰৱে ৰোৱা দল-সংগঠনসমূহৰ পৰা । অতি শীঘ্ৰেই অসমলৈ নামি আহিব কাল অমানিশা । তাৰ পূৰ্বেই সাজু হওক সকলো...