বিশেষ প্ৰতিবেদন

স্বাভিমানী অসমীয়াৰ সৃষ্টি আৰু কৃষ্টিৰ প্ৰাণকেন্দ্ৰ হৈ পৰা কাজিৰঙাৰ কঠিয়াতলী

Asomiya Pratidin
কাজিৰঙাত আৰম্ভ হৈছে এক সেউজীয়া অৰ্থনৈতিক বিপ্লৱ । কাজিৰঙাৰ মূল কহৰা ৰেঞ্জৰ প্ৰায় ২ কিলোমিটাৰ আতৰতেই আৰম্ভ হোৱা এই বিপ্লৱে দাতি-কাষৰীয়া গাওঁসমূহক নতুনকৈ স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকালে । গাওঁখনত পৰ্যটকৰ সোঁত ব'বলৈ ধৰিলে দিনে-নিশাই । কিন্তু কি এই সেউজীয়া অৰ্থনৈতিক বিপ্লৱ ? সেই সন্দৰ্ভতেই জয়দীপ নাৰায়ণ দেবৰ ধাৰাবাহিক প্ৰতিবেদনৰ প্ৰথম খণ্ড -

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতেই থকা এই অৰ্কিড উদ্যানখন কৃষক নেতা তথা শিৱসাগৰ জিলাৰ বিধায়ক অখিল গগৈৰ মানসপুত্ৰ । যিদৰে ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ মানসপুত্ৰ ৰূপে গণ্য কৰা হয় ঠিক সেইদৰেই এই অৰ্কিড উদ্যানখনো যেন অখিল গগৈ অথবা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানসপুত্ৰ ।

ৰাজনীতি অথবা সমাজ নীতিৰ পথাৰত অখিল গগৈ আৰু 'ৰাইজৰ দল'ৰ সৈতে বহুজনৰ মতাদৰ্শ থকাটো স্বাভাৱিক । সকলো ৰাজনৈতিক দল জনসাধাৰণৰ বাবেই আৰম্ভ কৰা হয় যদিও কোনোবাখিনিত হয়তো সকলো লোককে সন্তুষ্ট কৰিব পৰাতো সম্ভৱ হৈ নুঠে দলসমূহৰ বাবে । একেই অৱস্থা কংগ্ৰেছ অথবা বিজেপিৰো ।

এই মতাদৰ্শ, বিভেদ সমূহৰ পৰা আতৰি আহি বহু দূ্ৰৈত অৱস্থিতি গ্ৰহণ কৰিছে অখিল গগৈৰ মানসপুত্ৰ জাতীয় অৰ্কিড উদ্যান খনে ।

কিন্তু কি আছে এই অৰ্কিড উদ্যানখনত ? কিহৰ বাবে বিখ্যাত তথা সৰ্বত্ৰে চৰ্চিত উদ্যানখন ? সেই কথা জনাৰ মানসেৰেই মই আৰু সহকৰ্মী সাংবাদিক সৌম্যদীপ দাসে আৰম্ভ কৰিছিলো অৰ্কিড উদ্যানলৈ যাত্ৰা । সমগ্ৰ যাত্ৰাত সমলৰূপে আছিল অৰ্কিড উদ্যানখনৰ ৱেবছাইটত উপলব্ধ কিছু তথ্য আৰু ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিসমূহ ।

আমাৰ যাত্ৰাৰ দুটা দিন পূৰ্বেই বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছিল এটি অৰ্কিডৰ আলোকচিত্ৰ । বগা ৰঙৰ অৰ্কিডটিৰ নাম তেতিয়ালৈ জনা সম্ভৱ হৈ উঠা নাছিল কাৰোৱেই বাবে । সম্ভৱত কোনো নতুন বিৰল প্ৰজাতিৰ অৰ্কিড আছিল এইটো ।

যি অৰ্কিড এবাৰ প্ৰত্যক্ষ কৰি ইয়াৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাই আছিল আমাৰ প্ৰাথমিক লক্ষ্য । অৱশ্যে কেৱল সেইটোৱেই নহয় বৰং আন বহু কেইটা বিৰল প্ৰজাতি নামহীন বনৰীয়া অৰ্কিড আছিল উদ্যানখনত ।

পুৱা প্ৰায় ৭ বজাত আৰম্ভ কৰা এই যাত্ৰাৰ অন্তত দুপৰীয়া ১২.৩০ বজাত আমি উপস্থিত হৈছিলো উদ্যানখনত । উদ্যানখনত প্ৰৱেশ কৰাৰ পূৰ্বেই চৌদিশে দেখা গৈছিল থলুৱা সাজ-পাৰ, খাদ্যসম্ভাৰ আৰু গৃহসজ্জাৰ কেইখনমান বিপনী । যি ইতিমধ্যেই অসমৰ চহকী কলা-সংস্কৃতিৰ উমান দিছিল ৰং-বিৰঙী সামগ্ৰীৰে ।

বিপনীসমূহ পাৰ কৰি আগুৱাই আহিলেই আৰম্ভ হয় জাতীয় অৰ্কিড উদ্যানখন । আৰম্ভণিৰে পৰাই বিভিন্ন থলুৱা গছ-গছনিৰে ভৰা এক শান্ত-সমাহিত পৰিৱেশ । চৌহদৰ ভিতৰত প্ৰৱেশ কৰিলেই সোফালে অৰ্কিড উদ্যানখন । য'ত ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ৬০০ৰো অধিক প্ৰজাতিৰ অৰ্কিড ফুলি আছে ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বত প্ৰায় ৩৫ হেজাৰ প্ৰজাতিৰ অৰ্কিড পোৱা যায় তাৰেই ১৩১৪ বিধ ভাৰতত আৰু ৮৫০ বিধ কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই ।

অৰ্কিড উদ্যানখনৰ এগৰাকী গাইড সুমিত্ৰা ৰাভাক প্ৰশ্ন কৰা হৈছিল অখিল গগৈয়ে শ্বেয়াৰ কৰা অৰ্কিডবিধৰ বিষয়ে । সুমিত্ৰ ৰাভাই অতি সাৱলীলভাৱে কৈ গৈছিল প্ৰতিটো অৰ্কিডৰ বিষয়ে । একেদৰেই সেই বিশেষ অৰ্কিডবিধৰ বিষয়ে সুমিত্ৰ ৰাভাই জনোৱাৰ ওপৰিও সামাজিক মাধ্যমত ইতিমধ্যে বহু বিজ্ঞজনে জনালে অৰ্কিডটিৰ নাম ।  

Trichocentrum (trichocentrum pfavii )

Trichocentrum (trichocentrum pfavii ) নামৰ এই অৰ্কিডটি হেনো কোষ্টাৰিকা আৰু পানামাত সহজলভ্য । মধ্য আমেৰিকাৰ কোষ্টাৰিকা আৰু উত্তৰ আমেৰিকাৰ একেবাৰে দক্ষিণৰ দিশে থকা পানামৰ জলবায়ু ইয়াৰ বাবে উপযোগী বুলিও মন্তব্য প্ৰদান কৰে বিজ্ঞসকলে ।

আনহাতে, এই অৰ্কিডবিধৰ এটি গুণ হ'ল যে, ইয়াৰ প্ৰতিটো ফুল একেলগেই ফুলি একে ৰাতিতেই পুনৰ মৰহি যায় । দুৰ্ভাগ্যবশত: আমি অৰ্কিডটি ফুলি থকা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য নহ'ল যদিও পুনৰ এবাৰ অহাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লো সুমিত্ৰা ৰাভাৰ পৰা ।

বনৰীয়া কপৌৰ পৰা আৰম্ভ কৰি বিশ্বৰ ক্ষুদ্ৰতম অৰ্কিডলৈকে সকলো আছে এইখন উদ্যানত । বিশ্বৰ ক্ষুদ্ৰতম অৰ্কিডবিধৰ বৈজ্ঞানিক নাম হৈছে কেম্পাইল'চেন্ট্ৰাম ইনছুলেৰ (Campylocentrum insulare)। ইয়াৰ আকাৰ প্ৰায় ০.৫ মিলিমিটাৰ । মূলত: গুৱাটেমালাৰ পাৰ্বত্য অঞ্চলত পোৱা এই অৰ্কিডবিধ বৈজ্ঞানিক পদ্ধতিৰেই ৰখা হৈছে উদ্যানখনত ।

বনৰীয়া কপৌ
বিশ্বৰ ক্ষুদ্ৰতম অৰ্কিড
ভেনিলা অৰ্কিড

আনহাতে, বিশ্বৰ দ্বিতীয় সৰ্বাধিক দামী অৰ্কিড অৰ্থাৎ ভেনিলা যি প্ৰতি কিলোত প্ৰায় ২০ হেজাৰ টকালৈ বিক্ৰী কৰা হয় সেই অৰ্কিডো উপলব্ধ ।

কেৱল এয়াই নহয় আমেৰিকাৰ উত্তৰ কেৰ'লিনাৰ অৰণ্যত পোৱা ভেনাছ ফ্লাই ট্ৰেপ পৰ্যন্ত আছে এই অৰ্কিড উদ্যানখনত । আমোদজনক কথাটি হ'ল উদ্যানখনত থকা সকলো অৰ্কিডৰ নামাকৰণ এতিয়ালৈ সম্ভৱেই হৈ উঠা নাই উদ্ভিদবিজ্ঞানীসকলৰ বাবে ।

ভেনাছ ফ্লাই ট্ৰেপ
বাঘৰ দাড়ি

ইয়াৰ ওপৰিও উদ্যানখনত আছে বাঘৰ দাড়ি নামৰ এটি অৰ্কিড যাৰ বৈজ্ঞানিক নাম টেক্কা চানট্ৰিয়েল অথবা ডেভিল ফ্লাৱাৰ । উদ্যানখনতেই আছে বনৰীয়া কলৰো এটি পুলি ।

এই অৰ্কিড উদ্যানখনৰে কাষতেই আছে আন দুখন বাগিছা । ইয়াৰে এখন হৈছে ১০১বিধ শাকৰ বাগিছা আৰু আনখন হৈছে বনৌষধিৰ । অসমীয়া সমাজত সততেই এশ এবিধ শাকৰ কথা কোৱা হয় যদিও সাধাৰণতেই এশ এবিধ শাকৰ সৈতে পৰিচিত নহয় নৱ প্ৰজন্ম অথবা পুৰণি প্ৰজন্মৰো বহু লোক । আনহাতে, কেৱল অসমীয়া লোকৰ বাবেই নহয় বৰং পৰ্যটকসকলৰ বাবেও এক নতুন পৰিচয় গঢ়ি তুলিছে অসমীয়া ব্যঞ্জনৰ ।

ইয়াৰ ওপৰিও অসমীয়া সমাজত বনৌষধিৰ প্ৰয়োজনীয়তা সম্পৰ্কে হয়তো সকলোৱেই জ্ঞাত কিন্তু সময় সাপেক্ষে ই হয়তো নগৰীকৰণৰ ধামখুমীয়াত নিজা গুৰুত্ব হেৰুৱাই পেলাইছে । কাজিৰঙাৰ পৰা কিছু দূৰৈতে থকা গোলাঘাট জিলাৰ বনৌষধি বিশেষজ্ঞ গুণাৰাম খনিকৰৰ অসমীয়া সমাজলৈ থকা অৱদানৰ কথাও যেন এতিয়া পাহৰণিৰ গৰ্ভত ।

ভাৰতীয় চিকিৎসা ব্যৱস্থা ঠন ধৰি উঠাৰ পূৰ্বেই “ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ” প্ৰতিষ্ঠা কৰি বিভিন্ন ৰোগৰ বনৌষধিৰে চিকিৎসা কৰিবলৈ সক্ষম হোৱা এইগৰাকী মহান ব্যক্তিৰ স্মৃতিও এতিয়া ধোঁৱাচাঙত । তেনেস্থলত এনেধৰণৰ দৈনন্দিন জীৱনত ব্যৱহৃত আৰু প্ৰয়োজনীয় বনৌষধিৰ সৈতে অশমীয়া সমাজক আকৌ এবাৰ পৰিচয় কৰাই দিয়াৰ কৃতিত্বও অখিল গগৈ তথা ইয়াৰ আঁৰৰ সমগ্ৰ দলটিৰ ।

এই সকলোৰে লগতেই আছে এখন বাঁহৰ আৰু আন এখন কেকটাছৰ উদ্যানো । অসমীয়া সমাজত বাঁহৰ প্ৰয়োজনীয়তা সম্পৰ্কেও দ্বিমত নাই কাৰো । বিভিন্ন কাৰ্যত অতীজৰে পৰা বাঁহৰ ব্যৱহাৰ হৈ আহিছে ৰাজ্যখনত । যাৰ বাবেই আজিও গাঁৱে-ভূঞে বহু ঠাইত বহু পৰিয়ালৰ ঘৰৰ কাষতেই অথবা পাছফালৰ বাৰীৰ সৈতেই দেখা যায় এখন বাঁহনি ।

মুঠতে সকলো দিশৰে পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতি তথা অখিল গগৈৰ মানসপুত্ৰ কাজিৰঙা জাতীয় অৰ্কিড তথা জৈৱ বৈচিত্ৰ উদ্যানখন এক সফল সম্পৰীক্ষা ৰূপে দেখা দিছে অসমৰ বাবে । ইয়াৰ জৰিয়তে হোৱা আৰ্জনেৰে চৰকাৰক ৰাজহ যোগান ধৰাৰ ওপৰিও দাঁতি-কাষৰীয়া গ্ৰাম্যাঞ্চলত স্বাৱলম্বীতাৰ বাট মুকলি কৰি অন্য এক নিদৰ্শন হৈ দেখা দিছে এই উদ্যানখনে ।