উত্তৰ-পূব

অৰুণাচলত বিজেপি সভাপতিৰ বাসভৱনলৈ মৰা কুকুৰ দলিয়াই নিজ বাহনতে অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ শুকুৰবাৰে নিচেই পুৱাতে অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি টাপিৰ গাওৰ ইটানগৰত থকা ব্যক্তিগত বাসভৱনত সংঘটিত হোৱা এক ৰহস্যজনক ঘটনাই সমগ্ৰ অৰুণাচলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পুৱা প্ৰায় ৬.১২ বজাত দুখন মাৰুতি গাড়ী গাওৰ বাসভৱনৰ সন্মুখত পথৰ ওপৰত ৰয়হি৷ কেই মুহূৰ্তমানৰ পাছত বগা ৰঙৰ মাৰুতি ৱাগনাৰ গাড়ীখন গাওৰ বাসভৱনৰ প্ৰবেশদ্বাৰৰ নিচেই কাষলৈ লৈ আহে৷ পাছত কান্ধত দীঘল দা লৈ থকা গাড়ীৰ চালকজন নামি যায় আৰু এটা আধামৰা কুকুৰ আনি গাওৰ বাসভৱনৰ গেটৰ কাষলৈ দলিয়াই দিয়ে আৰু পুনৰ দাৰে ঘপিয়াই হত্যা কৰে৷

তাৰ কেই চেকেণ্ডমান পাছতে একেজন ব্যক্তিয়ে চালকৰ আসনৰ কাষৰ দুৱাৰখন খুলি গাড়ীৰ ভিতৰত থকা পেট্ৰ'লৰ গেলন এটাত অগ্নি সংযোগ কৰাত গাড়ীখন দাউ দাউকৈ জ্বলি যায় ৷ এই ভয়ানক কাৰ্য সংঘটিত কৰিবলৈ যাওঁতে ব্যক্তিজন কোনোমতে জুই নলগাকৈ ৰক্ষা পৰে৷

উল্লেখ্য যে, সেই সময়ত টাপিৰ গাওৰ নীতিবিহাৰত থকা বাসভৱনৰ মূল দুৱাৰখন বন্ধ আছিল৷ টাপিৰ গাও প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীত আছিল৷

স্থানীয় টানি জনগোষ্ঠীয় বিশ্বাস অনুসৰি কোনো ব্যক্তিৰ বাসভৱনলৈ এনেদৰে মৃত কুকুৰ বা কুকুৰৰ কটা মুৰ দলিয়াই দিয়াৰ প্ৰথা আছে আৰু ইয়াৰ জড়িয়তে প্ৰতিশোধ লোৱাৰ সাবধানবাণী প্ৰেৰণ কৰা হয়৷ স্থানীয় জন-বিশ্বাসৰ পৰা এই কাৰ্যৰ জড়িয়তে কোনো অজ্ঞাত লোকে টাপিৰ গাওক কুকুৰটোক হত্যা কৰা বা গাড়ী জ্বলাই হত্যা কৰাৰ ভাবুকি দিয়া বুলি বাৰ্তা প্ৰেৰণ কৰিছে বুলি নিশ্চিত কৰা হৈছে৷

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত টাপিৰ গাও পূব অৰুণাচল বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত লোকসভালৈ নিৰ্বাচিত হৈছিল৷ তদুপৰি অৰুণাচল প্ৰদেশত কোনো সাংগাঠনিক ভেটি নথকা জনতা (ইউ)ৰ পৰা বহু কেইজন বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থিয়ে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল৷

নীতিশ কুমাৰৰ জনতা দল (ইউৰ) সাতজনকৈ এনে প্ৰাৰ্থীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থীক পৰাজিত কৰি বিজয়ী হৈছিল৷ অভিযোগ উঠিছিল যে মুখ্যমন্ত্ৰী পেমা খান্দু আৰু টাপিৰ গাওৱে মিলি পচন্দৰ প্ৰাৰ্থীক বিধানসভালৈ গোপনে সমৰ্থন দি বিজয়ী কৰাই আনিছিল৷ সন্দেহ কৰা হৈছে যে আজিৰ এই ঘটনাত বিজেপিৰ পৰা পৰাজিত হোৱা কোনো প্ৰাৰ্থীৰ সমৰ্থকে এই কাণ্ড সংঘটিত কৰিছে৷