উত্তৰ-পূব

নাগালেণ্ডৰ মন জিলাত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ ৰেলী

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজান : নিৰ্বাচনী প্ৰচাৰ চলোৱা উদ্দেশ্য দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে নাগালেণ্ডত মন জিলাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি বিয়লি বিশেষ বিমান যোগে ডিব্ৰুগড়ৰ বিমানবন্দৰ উপস্থিত হোৱাৰ পাছত হেলিকেপ্টাৰেৰে মন জিলাত উপস্থিত হয়।

ইয়াৰ পিছত মন টাউনৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী চেয়ং কন্যাকৰ হৈ প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মই ইষ্টাৰ্ণ নাগালেণ্ডবাসী ধন্যবাদ জনাওঁ কাৰণ তেওঁলোকে নিৰ্বাচন বৰ্জন সিদ্ধান্ত প্ৰত্যাহাৰ কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰি কৰিলে। তদুপৰি পূৰ্বতে নেফাৰ অন্তৰ্গত নাগালেণ্ডবাসীৰ দেশ ভক্তি আৰু ত্যাগৰ বাবে সমগ্ৰ দেশবাসী প্ৰণাম জনায় ।

বিগত আঠটা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ উত্তৰ পূবত শান্তি আৰু উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিছে । কেন্দ্ৰই ইতিমধ্যে ব্ৰু-ৰিয়াং চুক্তি আৰু বহু পুৰণি বড়োসকলৰ ৰাজনৈতিক সমস্যাৰ সমাধান কৰিছে। শেহতীয়াকৈ কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰি অঞ্চলটোলৈ শান্তি আৰু উন্নয়নৰ পৰিবেশ ঘুৰাই আনিছে। আনহাতে কিছুদিন আগতে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে নিৰ্বাচন বৰ্জন সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়া এক যুক্তি সংগত কাৰণ আছিল। কেন্দ্ৰই ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ সৈতে আলোচনা কৰি তেওঁলোকৰ সমস্যাৰ বাস্তৱিকতা বুজি পাইছো । মই আজি ইষ্টাৰ্ণ নাগালেণ্ডবাসীক প্ৰতিশ্ৰুতি দিছো নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী নেইফিউ সৈতে লগ লাগি সকলো সমস্যা সমাধান কৰিম।

কেন্দ্ৰই পূব নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ এলেকাসমূহে সন্মুখীন হোৱা সমস্যাসমূহ কেন্দ্ৰই সমাধান কৰিব । ভাষণত অমিত শ্বাহে কয় যে ইষ্টাৰ্ণ নাগালেণ্ডবাসীয়ে সন্মুখীন হোৱা সমস্যাসমূহ বাস্তৱিক আৰু চৰকাৰে এনপিঅ’ এলেকাৰ বাজেট ব্যৱস্থা, ৰাজনৈতিক ক্ষমতা, কাউন্সিলৰ প্ৰতিনিধিত্ব আৰু উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ কয় যে মোডী চৰকাৰৰ দিনত উত্তৰ-পূবত প্ৰায় ৭০ শতাংশ বিদ্ৰোহ নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু নাগালেণ্ডৰ ১৫ খন থানাৰ অধীনত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ স্থায়ী শান্তি আনিবলৈ বাবে কাম কৰি যাব বুলি উল্লেখ কৰি শ্বাহে কয় যে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ সহায়ত নগা সমস্যাৰ চূড়ান্ত সমাধান কৰা হব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় কেৱল বিজেপি আৰু এনডিপিপিৰ ইস্তাহাৰৰ কাম কৰাই নহয়, কেন্দ্ৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ মাজত প্ৰতিশ্ৰুতি দিয়া হৈছে হৈছে সেয়াও পূৰণ হ’ব বুলি কয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ লগত ভাৰত চৰকাৰ সদায় আছে।