উত্তৰ-পূব

মোককচাঙত আলফা স্বাধীনৰ ছাৰ্জণ্ট মেজৰ ৰঘু নাথক গ্ৰেপ্তাৰ আছাম ৰাইফলছৰ

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ আছাম ৰাইফলছে যোৱা বৃহস্পতিবাৰে নাগালেণ্ডৰ মোককচাঙ জিলাত অভিযান চলাই আলফা স্বাধীনৰ এগৰাকী দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। আছাম ৰাইফলছে প্ৰকাশ কৰামতে, এক গোপন খবৰৰ ভিত্তিত আছাম ৰাইফলছৰ জোৱানে অভিযান চলাই ৰঘু নাথ নামৰ আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ গৰাকীক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে।

৩৯ বছৰীয়া আলফা কেডাৰজনৰ ঘৰত অসমৰ বাঙগাড়ী গাঁৱত। সেনাই তেওঁৰ পৰা এটা ৰাইফল, হেণ্ড গ্ৰেনেড আৰু পাঁচটা ডিটেনেটৰ উদ্ধাৰ কৰিছে। পিছত অধিক তথ্যৰ অনুসন্ধানৰ বাবে ৰঘু নাথক টুলি আৰক্ষী থানাত গতাই দিয়া হয়।