উত্তৰ-পূব

অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত বায়ুসেনাৰ দুই পাইলট নিহত

Asomiya Pratidin

ডিজিটেল সংবাদ,ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ সমীপৰ মন্দলাত বায়ুসেনাৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। অসমৰ মিছামাৰিলৈ বুলি পুৱা ৯ বজাত অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেঙৰ বৈশাখী সেনা চাউনীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল হেলিকপ্টাৰখনে।

মিছামাৰিলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন । পুৱা প্ৰায় ৯: ৪৫ বজাত সেনাৰ চিতা হেলিকপ্টাৰখন মিছামাৰি আহি পোৱাৰ কথা আছিল যদিও ৯:১৫ মিনিটত হেলিকপ্তাৰখনৰ লগত এয়াৰ ট্ৰেফিক কন্ট্ৰ'লৰ যোগাযোগ বিচ্ছিন্ন হয়।

দিনৰ প্ৰায় ১২ বজাত ডিৰাঙৰ বাংজালেপ নামৰ গাঁৱখনৰ স্থানীয় লোকে হেলিকপ্টাৰখন গাঁৱৰ কাষৰ পাহাৰত ভূপতিত হোৱা বুলি খবৰ দিয়ে আৰক্ষী-প্ৰশাসনক। হেলিকপ্টাৰখনত দুজন বৈমানিক আছিল আৰু দুয়োজনৰে মৃত্যু হয় এই দুৰ্ঘটনাত। স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাত পতিত হোৱাৰ বহু সময়লৈকে হেলিকপ্টাৰখন জ্বলি আছিল।