উত্তৰ-পূব

মণিপুৰত উগ্ৰপন্থীৰ গুলীবৰ্ষণ : দুই চি আৰ পি এফ জোৱান নিহত

Asomiya Pratidin

ডিজিটেল ডেস্ক : দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছতে চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হৈছে হিংসাত্মক কাৰ্যকলাপ। শনিবাৰে মণিপুৰত কুকি উগ্ৰপন্থীয়ে দুঘণ্টা ধৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে।

বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত সংঘটিত হয় এই ঘটনা। উক্ত ঘটনাৰ ফলত দুগৰাকী চি আৰ পি এফৰ জোৱান নিহত হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নিহত জোৱান দুগৰাকী উক্ত অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ সদস্য আছিল।

ইতিমধ্যে উক্ত ঘটনাৰ বাবে প্ৰশাসনে তদন্তৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক অনুৰোধ জনাইছে।