পোলিং এজেণ্টক প্ৰহাৰ, বাওঁ কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণঃ উত্তপ্ত ত্ৰিপুৰাৰ নিৰ্বাচন...
পোলিং এজেণ্টক প্ৰহাৰ, বাওঁ কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণঃ উত্তপ্ত ত্ৰিপুৰাৰ নিৰ্বাচন... 
উত্তৰ-পূব

পোলিং এজেণ্টক প্ৰহাৰ, বাওঁ কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণঃ উত্তপ্ত ত্ৰিপুৰাৰ নিৰ্বাচন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচনৰ মাজতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পোলিং এজেণ্টক মাৰধৰ কৰিলে একাংশই। উল্লেখ্য যে নিৰ্বাচন শান্তিপূৰ্ণ কৰিবলৈ নিৰ্বাচন আয়োগে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও তাৰ মাজতে সৃষ্টি হৈছে ব্যাপক উত্তেজনাময় পৰিস্থিতিৰ।

ৰাজ্যখনৰ কাক্ৰাবান-শালগোৰা বিধানসভা সমষ্টিত চি পি আই (এম)ৰ ভোটগ্ৰহণকাৰীসকলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। একেদৰে বিশলগড়ত দুজন বাওঁপন্থী কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ত্ৰিপুৰাৰমুখ্যমন্ত্ৰী মানিক সহাই অভিযোগ উত্থাপন কৰি কয় যে, বোমাৰ সংস্কৃতি বাওঁ-কংগ্ৰেছৰ।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সানিক সৰকাৰে অভিযোগ উত্থাপন কৰিছে যে বিজেপি কৰ্মীয়ে বহু চি পি আই এমৰ কৰ্মীক প্ৰহাৰ কৰিছে। আহত বহু কেইজন কৰ্মীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচন আয়ুক্তই জনোৱা অনুসৰি এতিয়ালৈকে আয়োগৰ ওচৰত ১০০ ৰো অধিক অভিযোগ দাখিল কৰা হৈছে। এই অভিযোগ সমূহৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে।