৬০ আসনত ২৫৯ প্ৰাৰ্থীঃ কোনে মাৰিব শেষ হাঁহি...
৬০ আসনত ২৫৯ প্ৰাৰ্থীঃ কোনে মাৰিব শেষ হাঁহি... 
উত্তৰ-পূব

৬০ আসনত ২৫৯ প্ৰাৰ্থীঃ কোনে মাৰিব শেষ হাঁহি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাৰ দখললৈ যাব ত্ৰিপুৰা ? আজি নিৰ্ণয় হ'ব ভাগ্য। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ত্ৰিপুৰাৰ নিৰ্বাচনত দিনৰ ১২ বজালৈকে ৩২ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত হৈছে।

মুঠ ৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভা দখলৰ বাবে শাসনাধিস্ত বিজেপিৰ লগতে এন ডি এ, ইউ পি এ আৰু তিপ্ৰা মথাৰ মুঠ ২৫৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। যাৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা ২০ গৰাকী।

ত্ৰিপুৰাত এন ডি এৰ অংশীদাৰ হৈছে আই পি এফ টি। এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৬০ খন আসনৰ ভিতৰত ৫৫ খনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে আই পি এফ টিক ৫ খন আসন এৰি দিছে।

চি পি আই (এম), কংগ্ৰেছ, চি পি আই, ৰিভলিউচনেৰী চছিয়েলিষ্ট পাৰ্টী, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক আৰু নিৰ্দলীয়ই মিত্ৰতা স্থাপনেৰে যুঁজত অৱতীৰ্ণ হৈছে। মুঠ ৬০ খন আসনৰ বিপৰীতে চি পি আই (এম)এ ৪৩ খন আসনত, কংগ্ৰেছে ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। সমান্তৰালকৈ চি পি আই, ৰিভলিউচনেৰী চছিয়েলিষ্ট পাৰ্টী, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক আৰু নিৰ্দলীয়ই এখনকৈ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

এসময়ৰ কংগ্ৰেছ নেতা তথা এতিয়াৰ আঞ্চলিক জাতীয়তাবাদী নেতা প্ৰদ্যুৎ দেৱ বৰ্মাৰ নেতৃত্বত গঢ় লৈ উঠা তিপ্ৰা মথাই মুঠ ৪২ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে মাত মাতি অহা, দিল্লীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱা হোৱা প্ৰদ্যুৎ দেৱ বৰ্মাৰ নেতৃত্বৰ তিপ্ৰা মথাই যিয়েই গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ প্ৰতিশ্ৰুতি দিব তেওঁলোকৰ লগতেই মিত্ৰতা স্থাপন কৰিব বুলি কৈছিল যদিও সময়ত কাৰো লগতেই মিত্ৰতা স্থাপন নকৰিলে।

উল্লেখ্য যে, ত্ৰিপুৰাত আদবাসী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আৰু এই আদিবাসী ভোটাৰৰ মাজত তিপ্ৰামথাই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আনহাতে তৃণমূল কংগ্ৰেছে ২৮ খন আসনত আৰু চি পি আই (এম এল) লিবাৰেচনে ১ খন আখনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।