উত্তৰ-পূব

দিল্লীৰ পৰা কেম্প হেব্ৰনলৈ উভতিল থুইংগালেং মুইভাৰ নেতৃত্বৰ এন এছ চি এন আই এমৰ আলোচনাকাৰী দল

Asomiya Pratidin

ডিজিটেল সংবাদ, ৱাখা : শেহতীয়াকৈ কেন্দ্ৰৰ সৈতে ধাৰাবাহিক আলোচনা মিলিত হোৱা এন এছ চি এন (আই-এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা আৰু মুখ্য আলোচনাপন্থী জ্যেষ্ঠ নেতাসকলে নগাসকলৰ ৰাজনৈতিক সমস্যাসমূহৰ চূড়ান্ত সমাধানৰ বাবে সোমবাৰে নতুন দিল্লীৰ পৰা আহি ডিমাপুৰত উপস্থিত হয় ।

উল্লেখ্য যে, সুকীয়া পতাকা আৰু সংবিধানৰ বাবে বিগত তিনিবছৰ ধৰি স্থবিৰ হৈ পৰা নগা শান্তি আলোচনাক পুনৰ গতি দিয়াৰ উদ্দেশ্য এন এছ চি এনৰ জ্যেষ্ঠ নেতাৰ সৈতে থুইংগালেং মুইভাই যোৱা ২৫ অক্টোবৰৰ পৰা দিল্লীত শিবিৰ পাতি আছিল ।

দিল্লীত কেন্দ্ৰৰ নাগা আলোচনাৰ প্ৰতিনিধি এ কে মিশ্ৰৰ সৈতে সাতদশকজোৰা নগা সমস্যাৰ অন্তিম সমাধানৰ বাবে ঐক্যমত উপনিত হবলৈ মুইভাৰ নেতৃত্বৰ এন এছ চি এনৰ সামূহিক গোটে ধাৰাবাহিক বৈঠকত মিলিত হয় । কেইবালানি গুৰুত্বপূৰ্ণ আলোচনাৰ অন্তত এন এছ চি এনৰ আলোচনাকাৰী নেতাসকল আজি দিল্লীৰ পৰা ডিমাপুৰৰ কেম্প হেব্ৰনলৈ উভতি আহে । এন এছ চি এনৰ এক সূত্ৰই জনোৱা মতে ভাৰত চৰকাৰৰ প্ৰতিনিধি সৈতে হোৱা বৈঠকসমূহ সৌহাদ্যপূৰ্ণ আছিল । কিন্তু এন এছ চি এনে (আই-এম) এতিয়াও নাগালিমৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবীত দৃঢ় হৈ আছে। ইফালে এন এছ চি এন (আই-এম)ৰ মুখপাত্ৰ ‘নাগালিম ভয়েচ’ নৱেম্বৰ সংখ্যাত প্ৰকাশ পোৱা তথ্য অনুসৰি এন এছ চি এনৰ আলোচনাকাৰী নেতাসকলে অসীম ধৈৰ্য স্বাভাৱিক শক্তিৰে আলোচনা চলাই আছে ।

কিন্তু মুখপত্ৰ কোৱা হৈছে যে এন এছ চি এনে আলোচনা কৰিব নোৱাৰা মূল বিষয়সমূহৰ ওপৰত চৰকাৰে অতি সংবেদনশীলভাৱে সতৰ্ক হৈ আছে। উল্লেখযোগ্য ভাৰত চৰকাৰে ইতিমধ্যে স্পষ্ট কৰিছিল যে নাগা পতাকাক কেৱল সাংস্কৃতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰিব । কিন্তু এন এছ চি এন ( আই এম ) ভাৰত চৰকাৰৰ এই প্ৰস্তাৱত এতিয়াও একমত হোৱা নাই । জানিব পৰামতে মধ্যস্ততাকাৰী এ কে মিশ্ৰই চলিত মাহত দিল্লীত নাগা নেচনেল পলিটিকেল গ্ৰুপ আৰু ৱৰ্কিং কমিটিৰ আহ্বায়ক এন কিটোভি জিমোমীৰ নেতৃত্বত প্ৰতিনিধি দলৰ সৈতেও এক সুকীয়া বৈঠক অনুষ্ঠিত কৰে।

প্ৰাপ্ত খবৰ অনুসৰি আলোচনাৰ সময়ত কেন্দ্ৰই নগা চূড়ান্ত চুক্তিৰ ‘সাধাৰণ খচৰা’ দাখিল কৰাৰ আশা কৰিছিল। কাৰণ দুয়োটা নগা ৰাজনৈতিক গোট ক্ৰমে এন এছ চি এন ( আই এম ) আৰু নাগা নেচনেল পলিটিকেল গ্ৰুপে অলপতে উমৈহতীয়া চুক্তিৰ বাবে সন্মতি দিয়াৰ পূৰ্বে চুক্তিৰ খচৰাখনৰ ওপৰত অধ্যয়ন কৰাটো বিচাৰিছে। এন এছ চি এনৰ সূত্ৰৰ তথ্য অনুসৰি চূড়ান্ত নগা চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে চুক্তিবদ্ধ Agreed position অৰ্থাৎ সহমতস্থিতি, status paper আৰু কাঠামো চুক্তিৰ ‘যোগ্যতাৰ দফা’ অন্তৰ্ভুক্তিৰে উমৈহতীয়া খচৰা প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে