উত্তৰ-পূব

মণিপুৰত এনএছচিএনআইএম আৰু আছাম ৰাইফলছৰ মাজত সংঘৰ্ষত তিনি বিদ্ৰোহী আহত…

asomiyapratidin

ডিজিটেল সংবাদ ৱাখা : মণিপুৰৰ তামেংলং জিলাত বুধবাৰে পুৱা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোট আৰু ২৯ নং আছাম ৰাইফলছৰ মাজত কেইবা ঘণ্টা ধৰি তীব্ৰ সংঘৰ্ষ সংঘটিত হয় ।

প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে পুৱা ৫ : ৩০ বজাত খাউপম আৰক্ষী থানাৰ অন্তৰ্গত পংছাংমাইত বিদ্ৰোহী আৰু সেনাৰ মাজত এই গুলীওৱা গুলি চলে । এই সংঘৰ্ষত এন এছ চি এনৰ তিনিজন কেডাৰ আহত হয় যদিও আছাম ৰাইফলছৰ কোনো জোৱান হতাহত হোৱা নাই ।