উত্তৰ-পূব

সম্পন্ন হ’ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, ডিমাপুৰঃ ইণ্ডো-নগা ৰাজনৈতিক আলোচনা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। আলোচনাৰ পিছতে ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। নগা আৰ্মিৰ যৌথ নেতৃত্বৰ সমন্বয়েৰে গঠিত যুটীয়া পৰিষদ, পৰিষদৰ নেতা, কাৰ্যবাহী সদস্য, বিভাগীয় প্ৰধান ইত্যাদিসকল হেব্ৰনৰ এই বৈঠকত উপস্থিত থাকে।

সিদ্ধান্ত লোৱা হয় যে, নগা ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানে ৰাষ্ট্ৰীয় পৰিচয় বহন কৰিব। ৰাজনৈতিক সমাধান হিচাপে নগাসকলৰ সমস্যাসমূহ সমাধান হ'ব লাগিব। গতিকে নগাসকলৰ অধিকাৰসমূহ খৰ্ব হ'ব নোৱাৰিব।

এনএছচিএনে ইণ্ডো-নগা সমস্যা সমাধান তথা সমগ্ৰ নগা অঞ্চলকে একত্ৰীকৰণৰ বাবে এটা সন্মানজনক সিদ্ধান্ত গ্ৰহণৰ পোষকতা কৰে। সেই অনুসৰি নগা ৰাইজে এনএছচিএনক ২০০৫ চনৰ ২১ জানুৱাৰীত দিয়া মেণ্ডেট বাহাল ৰখাৰ সিদ্ধান্ত লয়।