উত্তৰ-পূব

টাৱাঙত গীৰ্জা স্থাপনক কেন্দ্ৰ কৰি উত্তাল অৰুণাচল প্ৰদেশ…

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পবিত্ৰ টাৱাঙত নিৰ্মীয়মান এটা গীৰ্জাঘৰৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়াৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ১৯৯৯ চনত টাৱাঙত খ্ৰীষ্টিয়ান ৰিভাইভেল চাৰ্ছ এটা স্থাপন কৰা হৈছিল আৰু ২০০৩ চনত গীৰ্জা নিৰ্মাণৰ বাবে ভূমি আবন্টনৰ বাবে আবেদন কৰিছিল। কিন্তু অৰুণাচল প্ৰদেশ চৰকাৰে টাৱাঙত গীৰ্জা নিৰ্মাণৰ বাবে ভূমি আবন্টন নিদিলে ।

টাৱাং জিলা প্ৰশাসনে ভূমি আবন্টন নিদিয়া বাবে গীৰ্জা কৰ্তৃপক্ষই চলিত বৰ্ষত পূৰ্বৰ অস্থায়ী গীৰ্জা ঘৰটোৰ কাষতে আৰ চি চি গীৰ্জাঘৰ নিৰ্মাণ আৰম্ভ কৰিছিল। কিন্তু জিলা প্ৰশাসনে ভূমি আবন্টন অবিহনে নতুন গীৰ্জা নিৰ্মাণ কৰাটো অবৈধ বুলি ঘোষণা কৰে আৰু গীৰ্জা কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে। উচ্চতম ন্যায়ালয়ৰ ২০০৯ চনৰ এক নিৰ্দেশৰ দোহাই দি অবৈধ ভাবে ৰাজহুৱা স্থানত ধৰ্মীয় উপাসনা গৃহ নিৰ্মাণ কৰাটো অপৰাধ বুলি গণ্য কৰি টাৱাং খ্ৰীষ্টান ৰিভাইভেল চাৰ্চৰ পেষ্টৰ জোচেফ সিংগিক গ্ৰেপ্তাৰ কৰিছিল আৰু পাছত থানাৰ পৰাই জামিনত মুক্তি দিছিল ।

টাৱাঙৰ স্থানীয় বৌদ্ধ ধৰ্মীয় লোকসকলৰ অভিযোগ, টাৱাঙত স্থায়ী গীৰ্জা নিৰ্মাণ কৰিলে দৰিদ্ৰ বৌদ্ধধৰ্মৰ লোকসকলক ধৰ্মান্তৰিত কৰিব যিটো তেওঁলোকে মানি নলয়। কিন্তু ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশ এখনত সকলো ধৰ্মৰে সমান অধিকাৰ আছে আৰু টাৱাঙত গীৰ্জা স্থাপনৰ বাবে ভূমি আবন্টন নিদিয়াটো সংবিধানক অৱমাননা কৰাৰ দৰে বুলি অভিযোগ কৰিছে অৰুণাচল খ্ৰীষ্টান ফ'ৰামে ।

বিগত প্ৰায় এমাহ ধৰি এই বিষয়টোৱে অৰুণাচল প্ৰদেশৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলক অসন্তুষ্ট কৰি তুলিছে আৰু ভূমি আবন্টন নিদিয়াৰ বাবে আজি ইটানগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অৰুণাচল খ্ৰীষ্টান ফ'ৰামৰ আহ্বানত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আই জি পাৰ্ক উত্তৰাৰ কৰি তোলে । মুখ্যমন্ত্ৰী পেমা খান্দুৰ নিৰ্দেশতে টাৱাঙত গীৰ্জা নিৰ্মাণৰ অনুমতি দিয়া হোৱা নাই বুলি খ্ৰীষ্টান ফ'ৰামৰ সভাপতি টকো টেকিয়ে অভিযোগ কৰিছে ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত সম্প্ৰতি ৬০ শতাংশতকৈও অধিক স্থানীয় লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু টাৱাং গীৰ্জাৰ এই বিষয়টোৱে ৰাজনৈতিক ৰূপ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । আনহাতে, টাৱাং জিলা প্ৰশাসনে ভূমি আবন্টন নিদিয়াৰ কাৰণ হিচাপে কৈছে যে টাৱাঙত বিগত দহ বছৰ ধৰি কোনো ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমি আবন্টন বন্ধ কৰি থোৱা হৈছে।