উত্তৰ-পূব

চেলা পাছত প্ৰবল তুষাৰপাতঃ যানবাহনৰ চলাচল বন্ধ, টাৱাঙৰে যোগাযোগ বিচ্ছিন্ন

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেলা পাছত মঙলবাৰৰে পৰা হোৱা প্ৰবল তুষাৰপাতৰ বাবে টাৱাং অভিমুখী সকলো বাহন চেলা পাছ পোৱাৰ পূৰ্বেই ওভতাই পঠাইছে প্ৰশাসনে৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে চেলা পাছৰ মাজেৰে সকলোধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিয়াৰ বাবে বহু পৰ্যটক টাৱাঙত আবদ্ধ হৈ পৰিছে৷

টাৱাঙৰ পৰা বমডিলা বা তেজপুৰৰ দিশে আহি থকা বাহনসমূহক চেলা পাছ পাৰ হ'বলৈ নিদিয়া বাবেই পৰ্যটকসহ বাহনসমূহ টাৱাঙলৈ উলটি যাব লগা হৈছে৷ উল্লেখ্য যে, সোমবাৰৰ নিশাৰ পৰাই চেলা পাছৰ লগতে টাৱাঙত তুষাৰপাত আৰম্ভ হয়৷ মঙলবাৰে এই তুষাৰপাত হঠাতে বৃদ্ধি পায় আৰু টাৱাং অভিমুখী চেলা সংযোগী পথত একৰ পৰা দুই ফুট পৰ্যন্ত বৰফ জমা হয়৷