উত্তৰ-পূব

আংগামী জনগোষ্ঠীৰ বৰ্ণিল লোককৃষ্টিৰে উজলিল চেক্ৰেনি উৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ দেওবাৰে নাগালেণ্ডৰ আংগামী জনগোষ্ঠীৰ ছেক্ৰেনি মহোৎসৱৰ বৰ্ণিল লোককৃষ্টিৰে উজলিল ডিমাপুৰ জিলা ক্ৰীড়া কমপ্লেক্স। আংগামী পাব্লিক সংস্থাই আৰু নাগালেণ্ড পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ লগতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং আৰু ৱাই পেট্টন।

ভাষণত মুখ্যমন্ত্ৰী ৰিঅ’ই কয়- ‘আংগামী নগাসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ ছেক্ৰেনিয়ে জনগোষ্ঠীটোক এটা পৰিয়াল হিচাপে একত্ৰিত কৰি ৰাখিছে। ই শৰীৰৰ শুদ্ধিকৰণ আৰু চিন্তাৰ পবিত্ৰকৰণৰ চিহ্নিত কৰে। আমি আমাৰ উমৈহতীয়া বংশক পুনৰুজ্জীৱিত কৰিব লাগিব আৰু আমি চেক্ৰেনিৰ উৎসৱৰ প্ৰকৃত মনোভাৱত অধিক একত্ৰিত হ’ব লাগিব।

তেওঁ নগাসকলৰ চহকী সাংস্কৃতিক উত্তৰাধিকাৰক প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰিঅ'ৱে আশা প্ৰকাশ কৰে যে, এই উৎসৱে সমাজৰ ঐক্যৰ সুদৃঢ় ভেটি পুনৰ গঢ়ি তুলিব আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে অধিক সুৰক্ষিত আৰু অৰ্থপূৰ্ণ ভৱিষ্যতৰ দিশত জনসাধাৰণক লৈ যাব। তেওঁ সকলোকে শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে ইজনে সিজনৰ বিশ্বাস আৰু আচাৰ-ব্যৱহাৰক সন্মান কৰিবলৈ আহ্বান জনায়।

চেক্ৰেনি উৎসৱত ভাষণ দি নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনে কয় যে, মিনি হৰ্ণবিল ফেষ্টিভেলৰ আয়োজনৰ মূল উদ্দেশ্য হৈছে পৰ্যটন শিল্পক বিকশাই তোলা। এক নাগালেণ্ডৰ সকলো নগা জনজাতিক সম সুযোগ প্ৰদান কৰা আৰু প্ৰতিটো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা।

ভৌগোলিক অৱস্থান নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ মাজত অধিক ঐক্য গঢ়ি তোলাৰ। আনহাতে উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙেও আশা প্ৰকাশ কৰে যে, ভাৰত-নগা বিষয়টোক যুক্তিসংগত সিদ্ধান্তলৈ অনাৰ স্বাৰ্থত এই উৎসৱে কেৱল আংগামী সম্প্ৰদায়ৰ ভিতৰতে নহয়, নগা পৰিয়ালৰ ভিতৰতো একতা আনিব।

উল্লেখযোগ্য যে আজিৰ উৎসৱত আংগামীসকলৰ বৰ্ণিল লোকনৃত্য বিভিন্ন থলুৱা খাদ্যসম্ভাৰ, যুদ্ধনৃত্য পৰম্পৰাগত নগা মল্লযুঁজ অনুষ্ঠিত হয় । দহ সহস্ৰাধিক দৰ্শক পৰ্যটকে আংগামীসকলৰ পুৰাতন লোককৃষ্টিৰ উপভোগ কৰে।