উত্তৰ-পূব

খাছী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে শ্বিলং কঁপালে সহস্ৰাধিকে

asomiyapratidin

ডিজিটেল সংবাদ, শ্বিলংঃ সংবিধানৰ অষ্টম অনুসূচীত খাছী ভাষাক অন্তৰ্ভূক্তিৰ দাবীত শনিবাৰে সহস্ৰাধিক লোকে কঁপাই তোলে শ্বিলঙৰ ৰাজপথ। মেঘালয়ৰ কেবিনেটে চলিত বিধানসভা অধিৱেশনত খাচী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰক হেঁচা দিবলৈ প্ৰস্তাব গ্ৰহণ কৰাৰ এদিন পিছতে এনেদৰে সমদল উলিয়ায় খাছী লেখক সমাজ চমুকৈ কেএএছে।

কেএএছৰ লগতে একাধিক খাছী সংগঠনে ছাতি লৈ উলিওৱা এই সমদলত দল নিৰ্বিশেষে ৰাজ্যখনৰ কেবাগৰাকী ৰাজনৈতিক নেতায়ো অংশগ্ৰহণ কৰে। সমদলৰ অন্তত ভাষণ প্ৰদান কৰি কেএএছৰ সভাপতি ডিআৰএল নংলেইটে কয় যে ৰাজ্যখনত খাচী ভাষা কোৱা লোকৰ সংখ্যা ২০১১ চনৰ পিয়ল অনুযায়ী ১৪ লাখাৰো অধিক।

উল্লেখ্য যে অষ্টম অনুসূচীৰ অন্তৰ্গত হ'বলৈ হ'লে এটা ভাষা অতি কমেও ৪ লাখ লোকে ব্যৱহাৰ কৰা হ'ব লাগে। সেই দিশৰ পৰা খাছী ভাষাই বহুদিন আগতেই এই স্বীকৃতি পাব লাগিছিল যদিও সেয়া হৈ নুঠাতো পৰিতাপৰ বিষয় বুলি মন্তব্য কৰে নংলেইটে।