- আজি অৰুণাচললৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
- পুৱা ৯ বজাত দিল্লীৰ পৰা উপস্থিত হ'বহি লখিমপুৰত।
- লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰিব ৰাহুল গান্ধীৰ বিশেষ বিমান।
- লখিমপুৰৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হ'ব ইটানগৰলৈ।
- ইটানগৰত বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।
- ব্লক কংগ্ৰেছ আৰু তৃণমূল কৰ্মীৰ সৈতে বৈঠকত মিলিত হ'ব কংগ্ৰেছ অধ্যক্ষগৰাকী।
- উল্লেখ্য যে, ৰাজ্যখনত লোকসভাৰ লগতে হ'ব বিধানসভাৰ নিৰ্বাচনো।
- অৰুণাচলৰ পৰা পোনে পোনে ৰাওনা হ'ব মণিপুৰলৈ।
- নিশা ইম্ফলত কটাব কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে।
- কাইলৈ বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।
- মণিপুৰৰ পিছতে ত্ৰিপুৰাতো জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।
- আগৰতলাৰ পৰা ৰাওনা হ'ব ৰাজধানী দিল্লীলৈ।