উত্তৰ-পূব

এন এছ চি এনৰ প্ৰাক্তন সেনাধ্যক্ষৰ পত্নী আলেমলা জমিৰ বিৰুদ্ধে ই ডিৰ মাণি লণ্ডাৰিঙৰ গোচৰ…

asomiyapratidin

ডিজিটেল সংবাদ ৱাখাঃ ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজত নগা শান্তি আলোচনা অব্যাহত থকাৰ মাজতে শনিবাৰে এনফৰ্চমেণ্ট ডিৰেক্টৰেট অৰ্থাৎ ই ডিয়ে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইছাক- মুইভা গোটৰ ৩ গৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে মাণি লণ্ডাৰিঙৰ গোচৰ ৰুজু কৰিছে । জানিব পৰামতে এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ভুৱা বেংক একাউন্টৰ জৰিয়তে বিদ্ৰোহী সংগঠনলৈ ৭.৫৬ কোটি টকা অবৈধ ধন সৰবৰাহ কৰাৰ তথ্য লাভ কৰাৰ পিছতে ই ডিয়ে এনেদৰে ৩ এন এছ চি এনৰ নেতাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ।

ই ডিয়ে এন এছ চি এনৰ নগা আৰ্মি পূৰ্বৰ সেনাধ্যক্ষ ফুন্থিঙ ছিমৰাঙৰ পত্নী তথা ষ্টেৰেয়িঙ কমিটিৰ সদস্য আমেলমা জমিৰ ওৰফে মেৰী ছিমৰাঙ ,পি এইছ ছিমৰাঙ আৰু মাছাচোছাঙ জমিৰ বিৰুদ্ধে এই মাণি লণ্ডাৰিঙৰ গোচৰ ৰুজু কৰিছে । জানিব পৰামতে আলেমলা জমিৰে বিভিন্ন নামত ১৭ টা বেংক একাউন্টত তিনিটা ফিক্স ডিপজিট কৰাৰ লগতে দিল্লীৰ আৰ কে পুৰমৰ মহম্মদ পুৰ এলেকাত এটা আবাস ক্ৰয় কৰিছিল । তদুপৰি আলেমলা জমিৰে এন এছ চি এনে নাগালেণ্ডৰ বাহিৰত কৰ সংগ্ৰহৰ নেটৱৰ্ক গঢ়ি তুলি তেওঁৰ ডিমাপুৰৰ বেংকৰ জৰিয়তে স্বামী লৈ সৰবৰাহ কৰিছিল । যাৰ বাবে ই ডিয়ে প্ৰিভেণ্টছন অৱ মাণি লণ্ডাৰিঙ এক্টৰ অধীনত এই গোচৰ ৰুজু কৰে ।

উল্লেখযোগ্য যে আলেমলা জমিৰৰ পৰা ইডিয়ে বহু পাণকাৰ্ড আৰু পাছফৰ্ট উদ্ধাৰ কৰিছে । এন এছ চি এনৰ পূৰ্বৰ সেনাধ্যক্ষৰ পত্নী আলেমলা জমিৰ আৰু তেওঁৰ খুলখালিয়েক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা , এন আই এয়ে ২০১৯ চনত দিল্লীৰ বিমানবন্দৰ নগদ ১.২ কোটি সহ গ্ৰেপ্তাৰ কৰিছিল । বৰ্তমান তিহাৰ জেলত আবদ্ধ হৈ থকা আলেমলাৰ ৩৬ টা বেংক একাউন্টত অভিযান চলাই নিয়াই এতিয়ালৈকে তিনি কোটি টকা জব্দ কৰিছে ।