উত্তৰ-পূব

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষত ভোট দি বিপদত নাগালেণ্ডৰ ২ সাংসদ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষত ভোট দিয়াৰ বাবে নাগা পিপ'লছ ফ্ৰন্টৰ অনুশাসন কমিটীয়ে দলটোৰ দুয়োগৰাকী সাংসদ KG Kenye (ৰাজ্যসভা) আৰু Dr Lorho S Pfoze (লোকসভা)ক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। অনুশাসন কমিটীৰ অধ্যক্ষ Blaise Iheilung আৰু সম্পাদক Tsumongo Ovungয়ে দুয়োগৰাকী সাংসদলৈ পৃথককৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ সাংসদ দুগৰাকীয়ে 'কা'ৰ সপক্ষত ভোট দিয়াৰ অভিযোগ। যাৰ বাবে বৃহস্পতিবাৰে দলৰ কহিমাস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুশাসন কমিটীয়ে এখন বৈঠক অনুষ্ঠিত কৰি সাংসদ দুগৰাকীয়ে লোকসভা আৰু ৰাজ্যসভাত 'কা'ৰ সপক্ষত ভোট দিয়া কাৰ্যৰ বিচাৰ কৰে।

নাগালেণ্ড পিপ'লছ ফ্ৰন্টৰ ২০১৯ বৰ্ষৰ জানুৱাৰীৰ ৩০ তাৰিখে অনুষ্ঠিত ক'ৰ কমিটিৰ বৈঠক আৰু চিইচিৰ বৈঠকত 'কা'ৰ বিৰোধ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। তাৰ পিছতো দুয়োগৰাকী সাংসদে 'কা'ৰ সমৰ্থনত ভোট দিয়া কাৰ্যৰ বাবে তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়।