উত্তৰ-পূব

ৰাষ্ট্ৰীয় টেবুল টেনিছ প্ৰতিযোগিতাত অংশল’বলৈ আহি মৃত্যুক সাৱটি ল’লে তামিলনাডুৰ খেলুৱৈয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্বিলংত অনুষ্ঠিত হোৱা এক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল তামিলনাডুৰ এগৰাকী তৰুণ খেলুৱৈয়ে। এই ঘটনাই এতিয়া ক্ৰীড়া জগতখনত শোকৰ সৃষ্টি কৰিছে। শ্বিলংত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ৰাষ্ট্ৰীয় টেবুল টেনিছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অহা তামিলনাডুৰ দীনদয়াল বিশ্ব নামৰ খেলুৱৈগৰাকীয়ে পথ দুৰ্ঘটনাৰ সন্মুখীন হৈ মৃত্যুক সাৱটি লয়।

মেঘালয়ৰ নাংপোত দীনদয়াল আৰু তেওঁৰ সতীৰ্থসকলক কঢ়িয়াই নিয়া বাহনখন এক ভয়াৱহ পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। ফলত দীনদয়ালে মৃত্যুক সাৱটি লয়। ইফালে এই ঘটনাত আন তিনিগৰাকী খেলুৱৈও আহত গুৰুতৰ ভাৱে আহত হয়। অৱশ্যে তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে। দীনদয়াল বিশ্বৰ মৃত্যুত মেঘালয় টেবুল টেনিছ এচ'ছিয়েশ্বনে শোক প্ৰাকশ কৰিছে।