উত্তৰ-পূব

দেশৰ বিভিন্ন প্ৰান্তত কোৰোনা ভাইৰাছক লৈ উত্তৰ পূবৰ লোকক নিৰ্যাতন, উদ্বিগ্ন কেন্দ্ৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছক কেন্দ্ৰ কৰি দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ পূবৰ লোকসকল বৰ্ণ-বৈষম্যৰ বলি হৈছে। সেই কথা স্বীকাৰ কৰিলে খোদ কেন্দ্ৰীয় চৰকাৰে। আনকি ক্ৰীড়াৰ ক্ষেত্ৰখনৰে জড়িত উত্তৰ পূবৰ বহু খেলুৱৈক কোৰোনা ভাইৰাছৰ বাহক আখ্যা দি তেওঁলোকৰ সৈতে কৰা দুঃব্যৱহাৰত উদ্বিগ্ন হৈ পৰিছে গৃহ মন্ত্ৰালয়।

উত্তৰ পূবৰ দায়িত্বত থকা গৃহ মন্ত্ৰালয়ৰ উপ সচিব আৰ কে পাণ্ডেয়ে এই সন্দৰ্ভত বিষয়টো দৃষ্টিগোচৰ কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধান সকললৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত এনে ঘটনাৰে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

ইফালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰেণ ৰিজিজুৱেও এই সন্দৰ্ভত দুখ ব্যক্ত কৰিছে। উত্তৰ পূবৰ লোকসকলৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে ঘটনা প্ৰতিৰোধৰ বাবে অনুৰোধ জনাইছে ৰিজিজুৱে। দেশবাসীকো এই সংকটৰ সময়ত সংযম ৰক্ষা কৰি সকলো পক্ষকে এই ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰে চৰকাৰে জাৰি কৰা পৰামৰ্শ মানি চলাৰ বাবে অনুৰোধ কৰিছে।