উত্তৰ-পূব

আই এছ এলঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ অংশীদাৰ হ’ব চিগ্ৰামৰ ইম্পেৰিয়েল ব্লু

asomiyapratidin

ডিজিটেল ডেস্কঃ চিগ্ৰামৰ ইম্পেৰিয়েল ব্লুয়ে বৃহস্পতিবাৰে ইণ্ডিয়ান চুপাৰ লীগৰ (আইএছএল) আগন্তুক ছিজনৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সৈতে সম্পৰ্ক ঘোষণা কৰে। আগন্তুক ছিজনত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সৈতে থাকিব চিগ্ৰামৰ ইম্পেৰিয়েল ব্লু। এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। সংবাদমেলত উপস্থিত থাকে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সচিব অক্ষয় বাচৰুৰৰ লগতে খেলুৱৈ- প্ৰৱত লাক্ৰা, জেষ্টিন জৰ্জ, লালদানমাৱিয়া ৰাল্টে আৰু জো জোহাৰলিয়ানা উপস্থিত আছিল।

সংবাদ মেলত বাচৰুৰে কয় যে, চিগ্ৰামৰ ইম্পেৰিয়েল ব্লুয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিক নতুন দিগন্তত উপনিত হোৱাত সহায় কৰিব। নতুন ছিজনক লৈ থকা প্ৰত্যাশা সন্দৰ্ভত জো জোহাৰলিয়ানাই কয়, বিগত ছিজনতকৈ এইবাৰ এখোজ আগুৱাই যোৱাৰ লগতে ট্ৰফী জয় কৰিবলৈ চেষ্টা কৰিব।

ইয়াৰোপৰি তেওঁ নৰ্থ ইষ্ট ইউনাইটেডক দ্যা এভেঞ্জাৰৰ সৈতে তুলনা কৰিছে। উল্লেখ্য যে নতুন ছিজনৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগতে দলটোৱে কঠোৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে। নতুন ছিজনত নতুন ৰূপত আত্মপ্ৰকাশ কৰি ক্লাবটোৱে ট্রফী জয় কৰিবলৈ ককালত টঙালি বান্ধিছে।

আই এছ এলৰ নতুন ছিজনত কোৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেডিয়ামত অনুৰাগীৰ উপস্থিতি থাকিব নোৱাৰিব। নতুন ছিজনৰ মেচসমূহ অনুষ্ঠিত গোৱাত অনুষ্ঠিত হ'ব।

মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেডিয়ামত কোনো অনুৰাগী উপস্থিত নথকাৰ বাবে নতুন ছিজনটো সম্পূৰ্ণৰূপে গোৱাত খেলিবলৈ সাজু হৈছে।