উত্তৰ-পূব

কংগ্ৰেছ-বাঁওপন্থীক দিয়া প্ৰতিটো ভোটে ত্ৰিপুৰাত তললৈ লৈ যাব-মোডী

Asomiya Pratidin

ডিজিটেল ডেস্ক: সামগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে শনিবাৰে ত্ৰিপুৰাত উপস্থিত হৈ ধলা জিলাৰ আম্বাচাত এক ৰেলী সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।নিৰ্বাচনমুখী ত্ৰিপুৰাত কংগ্ৰেছ আৰু বাওঁপন্থী সকলক প্ৰত্যাহ্বান জনাই মোডীয়ে কয় যে অন্য দল সমূহে ক্ষমতাত থাকোতে উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনক পিছলৈ ঠেলি দিছিল। আৰু কংগ্ৰেছ-বাঁওপন্থীক দিয়া প্ৰতিটো ভোটই ত্ৰিপুৰাক "তললৈ টানি নিব"।

তেওঁ কয় যে , "কংগ্ৰেছ আৰু বাওঁপন্থীসকলে উন্নয়নৰ ক্ষেত্ৰত ত্ৰিপুৰাক পিছলৈ ঠেলি দিছিল। কিন্তু আমাৰ চৰকাৰে মাত্ৰ ৫ বছৰত ত্ৰিপুৰাক দ্ৰুত উন্নয়নৰ পথত লৈ আহিছে। গতিকে মিত্ৰজোটক দিয়া প্ৰতিটো ভোটই ত্ৰিপুৰাক তললৈ টানি নিব।

মোডীয়ে কয় যে, "বিজেপিয়ে ত্ৰিপুৰাক ভয়ৰ আৰু 'চান্দা' (দান)ৰ সংস্কৃতিৰ পৰা মুক্ত কৰিছে। ইয়াৰ পূৰ্বে, চিপিআই(এম)য়ে আইন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল কিন্তু এতিয়া বিজেপিয়ে আইনৰ শাসন প্ৰতিষ্ঠা কৰিছে।

অঞ্চলটোত অধিক উন্নয়ন ৰখাৰ বাবে, প্ৰতিটো ভোট বিজেপি-আইপিএফটি (indigenous peoples front of tripura) ক দিব লাগে বুলি তেওঁ কয়।

পাঁচ বছৰ পূৰ্বে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে,ৰাজ্যখনত এতিয়া সকলো গাওঁক সংযোগ কৰিবলৈ ৫,০০০ কিলোমিটাৰ জোৰা পথ আছে । তদুপৰি আগন্তুক সময়ত বিমান বন্দৰ সমূহ আৰু উন্নীত কৰি তোলা হ'ব। ত্ৰিপুৰা শীঘ্ৰেই বাণিজ্যৰ বাবে দক্ষিণ এছিয়াৰ প্ৰৱেশদ্বাৰ হৈ পৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

আৰু পঢ়ক: বান্দৰ আৰু আদানীৰ কাহিনী...