NDPP আৰু BJP লৈ সকলোৰে বিনাচৰ্ত সমৰ্থনঃ গঠন হ'ব সৰ্বদলীয় চৰকাৰ...
NDPP আৰু BJP লৈ সকলোৰে বিনাচৰ্ত সমৰ্থনঃ গঠন হ'ব সৰ্বদলীয় চৰকাৰ... 
উত্তৰ-পূব

NDPP আৰু BJP লৈ সকলোৰে বিনাচৰ্ত সমৰ্থনঃ গঠন হ'ব সৰ্বদলীয় চৰকাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ অহা ৭ মাৰ্চত শপত গ্ৰহণ কৰিবলগীয়া এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ নেইফিউ ৰিঅ' নেতৃত্বৰ নাগালেণ্ডৰ নতুন চৰকাৰ পুনৰ বিৰোধীহীন হোৱাৰ দিশে আগবাঢ়িছে । ইতিমধ্যে ৩৭ আসনেৰে চৰকাৰ গঠনৰ সংখ্যা গৰিষ্ঠতা লাভ কৰা নেইফিউ ৰিঅ'ক এন চি পিকে ধৰি আন আন ৰাজনৈতিক দলসমূহে বিনাচৰ্তে সমৰ্থন আগবঢ়াইছে ।

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনত ৭ খন, এন পি পিয়ে ৫ খন, এল জে পি (ৰাম বিলাস), নগা পিপলছ ফ্ৰণ্ট (এন পি এফ) আৰু আৰ পি আই (আথাৱালে) ২খনকৈ, জে ডি (ইউ)ৰ এখনকৈ আৰু নিৰ্দলীয় দলসমূহে ৪ খন আসন লাভ কৰিছে। ইতিমধ্যে এল জে পি (ৰাম বিলাস), আৰ পি আই (আথাৱালে), জেডি(ইউ)-এ মিত্ৰজোঁটৰ অংশীদাৰক সমৰ্থন পত্ৰ দাখিল কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

তৃতীয় বৃহত্তম দল এন চি পিয়ে শনিবাৰে নেইফিউ ৰিঅ’ নেতৃত্বাধীন এন ডি পি পিক ‘বিনা চৰ্ত’ সমৰ্থন কৰি পত্ৰ দাখিল কৰা বুলি দেওবাৰে জনায়। এন পি এফৰ সাধাৰণ সম্পাদক আচুম্বেমো কিকনেও কয় যে, যদিও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই তথাপিও দুজন সদস্য থকা দলটোৱে চৰকাৰক সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱনা আছে ।

এন ডি পি পি-বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰা সকলো ৰাজনৈতিক দল লগ হৈ এখন সৰ্বদলীয় চৰকাৰ গঠন হ'ব। উল্লেখযোগ্য যে, এইখন হ’ব প্ৰথমখন বিধানসভা যিখন শপত গ্ৰহণ কৰাৰ আগতেই বিৰোধীবিহীন বিধানসভা হ’ব।