উত্তৰ-পূব

নাগালেণ্ডত ন্যায়ালয়ৰ ভৱন নিৰ্মাণতো কেলেংকাৰী, গড়কাপ্টানি বিভাগৰ ৪ গৰাকী অভিযন্তাৰ বিৰুদ্ধে চি বি আইৰ গোচৰ ৰুজু…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ২২ কোটি টকীয়া উচ্চ ন্যায়ালয়ৰ ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়মত সংঘটিত হোৱা বিষয়টোত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইয়ে নাগালেণ্ডৰ গড়কাপ্টনি বিভাগৰ চাৰি গৰাকী অভিযন্তাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ২০০৭ চনত ৰাজধানী ক'হিমাৰ মেৰেইমাত ক'হিমাৰ উচ্চ ন্যায়ালয়ৰ ভৱন নিৰ্মাণ পুঁজিৰ অপব্যৱহাৰ সন্দৰ্ভত নাগালেণ্ডৰ গড়কাপ্টানি বিভাগৰ অন্য ১৪ গৰাকী বিষয়া – ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । চি বি আই গোচৰ ৰুজু কৰা বিষয়াগৰাকী হৈছে গৃহ নিৰ্মাণ বিভাগৰ অভিযন্তা কে নিকাটো অছুমী , বিদ্যুত বিভাগৰ অভিযন্তা কেলেছুট পেইনুউ , কাৰ্যবাহী অভিযন্তা টনঝুক আও , এছ ডি অ নিয়াম কাথ , য়াপাঙ জমিৰ ।

এইসকল বিষয়াই একাংশ ঠিকাদাৰৰ সৈতে মিলি ভুৱা বিলেৰে প্ৰায় ৩ কোটি ৬১ লাখ টকাৰ লুণ্ঠন চলায় । উল্লেখযোগ্য যে ২০১৭ চনৰ ১২ চেপ্টেম্বৰত নাগা ট্ৰাইব কাউন্সিলে তথ্য জনা অধিকাৰ আইনৰ এক আবেদনৰ জৰিয়তে এই দুৰ্নীতি পোহৰলৈ আনে । ইয়াৰ পিছত এন টি চিয়ে ১৯৮৮।চনৰ দুৰ্নীতিৰ প্ৰতিৰোধী আইনৰ অধীনত নিৰ্মাণ কেলংকাৰীত জড়িতসকলৰ বিৰুদ্ধে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো শুনানি লৈ অধিক তথ্যৰ বাবে চি বি আইলৈ প্ৰেৰণ কৰাত সম্প্ৰতি চিবিআইৰ তদন্তত এই বৃহৎ দুৰ্নীতি পোহৰলৈ আহে । আনহাতে চি বি আইৰ মতে এই কেলেংকাৰী সৈতে ৰাজনৈতিক নেতাৰো নাম সাঙোৰ খাই পৰা সম্ভাৱনা আছে । সম্প্ৰতি এই কেলেংকাৰীয়ে নাগালেণ্ডৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া আৰু জোকাৰণি সৃষ্টি কৰিছে ।